Breaking

মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচন : জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰা জনক সমৰ্থন জনোৱা বিধায়ক কেদাৰনাথ শুক্লাক টিকট নিদিলে বিজেপিয়ে…

0 63

বিজেপিয়ে মধ্যপ্ৰদেশত টিকট নিদিলে জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰা জনক সমৰ্থন জনোৱা বিধায়ক কেদাৰনাথ শুক্লাক । বিজেপিৰ প্ৰবীণ নেতা তথা চাৰিবাৰৰ বিধায়ক কেদাৰনাথ শুক্লাৰ ঠাইত ছিধি বিধানসভা সমষ্টিৰ পৰা ৰিতি পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, । শুক্লাই কেইমাহমান আগতে ছিধিত সংঘটিত এক লজ্জাজনক ঘটনাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। শুক্লাৰ এজন সমৰ্থক প্ৰৱেশ শুক্লাই এজন জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰিছিল। এই ঘটনাৰ ভিডিঅ’ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল। ঘটনাটোকলৈ বিৰোধী কংগ্ৰেছে জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টোত বিজেপিক সমালোচনা কৰিছিল। ঘটনাটোৱে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো ক্ষমা খুজিবলৈ বাধ্য কৰিছিল। মধ্য প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সেই ঘটনাৰ ক্ষতি পূৰণ কৰিব বিচাৰিছে। । মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩৯ জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে।

ছিধিত পাঠকক শুক্লাৰ ঠাইত বিজেপিয়ে প্ৰক্ষেপ কৰিছে। শুক্লাক টিকট নিদি বিজেপিয়ে অঞ্চলটোৰ জনজাতীয় লোকসকলৰ মনত থকা অসন্তুষ্টি হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলি বহুতে আলোচনা কৰিছে। মুখ্যমন্ত্ৰী চৌহানে জনজাতীয় লোক জনক ভূপালত থকা তেওঁৰ বাসগৃহলৈ মাতিছিল আৰু তেওঁৰ ভৰি ধুৱাই দি ক্ষমা বিচাৰিছিল।। জেপি কৰ্মীৰ অমানৱীয় কাৰ্যৰ বাবে তেওঁৰ ওচৰত ভৰি ধুৱাই ক্ষমা বিচাৰি বিজেপিয়ে জনজাতীয় লোকসকলৰ ক্ষোভৰ জুই নিৰ্বাপিত কৰিব বিচাৰিছিল।। জনজাতীয় লোক জনৰ মুখত মূত্ৰ ত্যাগ কৰা লোক জনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত গোচৰ ৰুজু কৰা হৈছিল ।এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত এজন জনজাতীয় যুৱকক দোকান এখনৰ ওচৰত বহি থকা দেখা গৈছিল। সেই সময়ত অভিযুক্ত প্ৰবেশ শুক্লা নামৰ লোকজনে তেওঁৰ সন্মুখত থিয় হৈছিল আৰু জনজাতীয় যুৱকজনৰ মুখতে প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছিল।

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়। তাৰ পিছতে লোকজনে গ্ৰেপ্তাৰ এৰাই চলিবলৈ পলাতক হৈ আছিল। অৱশেষত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে অনুসূচীত জাতি/অনুসূচীত জনজাতি আইন আৰু অন্যান্য ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল। সেই লোকজনৰ কামক বিধায়ক শুক্লাই মুকলিকৈয়ে সমৰ্থন জনাইছিল।

Leave A Reply