মাজুলীৰ অগ্ৰণী ক’লা সাহিত্যৰ, সংস্কৃতি মূলক অনুষ্ঠান ত্ৰিহৃদয় গোষ্ঠীৰ উদ্যোগত আজি পুৱা ১০ বজাৰ পৰা ওপৰ সোনোৱাল গাঁৱৰ নিবাসী কবি-চিত্ৰশিল্পী শ্যামন্ত পায়েংৰ চাং ঘৰত গীত আৰু কবিতাৰ এক মনোৰম অনুষ্ঠান সম্পন্ন হয়। দৈনন্দিন বাৰ্তা কাকতখনৰ কাৰ্যবাহী সম্পাদক দিম্পল চুতীয়াই মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানটিৰ সঞ্চালনা কৰে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, কবি-সাংবাদিক পাপু বৰাই।অনুষ্ঠানটি সঞ্চালনা কৰি অসমৰ জনপ্ৰিয় কবি পাপু বৰাই কয়, কবিতা হৃদয়ৰ স্বপ্নিল অনুভৱ lকবিতাই মানুহৰ জীৱনৰ কথা কয় l
উদিয়মান কবি তথা কণ্ঠশিল্পী ত্ৰিপুৰাজ দলেৰ আধুনিক গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ত্ৰিহৃদয় গোষ্ঠীৰ সহযোগি সম্পাদক শ্যামন্ত পায়েঙে। অনুষ্ঠানটিত ঢকুৱাখনাৰ বিশিষ্ট কবি -সাংবাদিক ৰাজীৱ বৰুৱা, দিম্পল চুতীয়া, পাপু বৰা, লক্ষীপ্ৰসাদ ৰেগন, উপেন চিন্তে, শ্যামন্ত পায়েং, ত্ৰিপুৰাজ দলে, গৌতম শইকীয়া, দিব্যজ্যোতি পায়েং, প্ৰশান্ত পেগু আদিয়ে কবিতা পাত আৰু গীত পৰিৱেশন কৰে।
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বহু বছৰৰ পাছতো বলীউডৰ এই সুন্দৰী অভিনেত্ৰী সকলে সঠিকভাৱে হিন্দী ক’ব নোৱাৰে, প্ৰতিবাৰেই জিভা পিছলি যায়…
- মহম্মদ ছামীৰ পত্নী হাছিন জাহানে প্ৰধানমন্ত্ৰীক আবেদন জনাইছে; ‘ভাৰতৰ নাম সলনি কৰিবলৈ’! কিন্তু কিয়…
- স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় খেলুৱৈসকলে ত্ৰিৰংগা উত্তোলন কৰি সকলোৰে হৃদয় জয় কৰে। ইফালে, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে…
- ব্যতিক্রমী ৰূপত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱস উদযাপন এখন বিদ্যালয়ৰ
- ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত বিশাল বাইক ৰেলী সম্পণ্ণ
- ধুবুৰীস্থিত ঐতিহাসিক পানবাৰী মছজিদ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুয়ে…
- কোন কোন তাৰকাই নিজ ঘৰত পতাকা উত্তোলন কৰিলে। চাওক ভাললগা কেইটামান ভিডিঅ’…
- দেশৰ লগতে ধুবুৰী জিলাৰ নামনি ” অসম জাতীয় বিদ্যালয় ” তো উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- হাজোত আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
- ব্যতিক্ৰমী পদক্ষেপেৰে বে- চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ৰ আজাদীকা অমৃত মহোৎসৱ পালন। বান বিধস্ত ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ