পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)

শতবৰ্ষ গৰকী যোৱা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰৰ মাঘী পূৰ্ণীমা তিথি (সভা) নলবাৰী জিলাৰ পূব নলবাৰীৰ জাজিয়াবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘি পূৰ্ণীমা তিথি (সভা) উৎসৱ ভাগি অহা ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি হাতত লোৱা হৈছে। ২৮ জানুৱাৰীৰ পুৱা ৬ বজাত প্ৰাতঃ প্ৰসঙ্গৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। ইয়াৰ পিছত পৰ্ষ্যায়ক্ৰমে ধৰ্মধ্বজা উত্তোলন, ছহিদ তৰ্পন, গছপুলি ৰোপন, মুখ্যদ্বাৰ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, মুখ্য বন্তি প্ৰজ্বালন, আতচবাজি প্ৰজ্বালন, পূৰ্ব পুৰুষ আৰু ভূমিদাতাৰ স্মৃতিত বন্তি প্ৰজ্বালনৰ লগত সংগতি ৰাখি সন্ধিয়া ৬-৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ৮ বজাত ৰৌমাৰী গোপাল সেৱক ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শনেৰে দিনটোৰ কাৰ্যসূচী সমাপন কৰা হ’ব। ২৯ জানুৱাৰীত পুৱা ৮ বজাত চিত্ৰাংঙ্কন প্ৰতিযোগিতা, ১১ বজাত আয়তীৰ সমূহীয়া নাম-কীৰ্ত্তন, সন্ধিয়া ৬ বজাত জ্যেষ্ঠ সকলৰ সম্বৰ্ধনা অনুষ্ঠান, ৭ বজাত ৰামচৰণ ভড়ালী, কুমাৰীকাটা আৰু দীপাংকৰ দাস, আমৰাৰ নাগাৰা নাম পৰিবেশন। ৩০ জানুৱাৰীৰ ২ বজাত কিশোৰ বেজবৰুৱা জাগাৰাৰ ওজাপালি প্ৰদৰ্শন, সন্ধিয়া ৬ বজাত শকুন্তলা নাট্য গোষ্ঠী, বৰবৰীৰ নাট প্ৰদৰ্শন। সভাখন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অজিত দাসক সভাপতি, ললিত দাসক উপ সভাপতি, বানেশ্বৰ দাসক সম্পাদক, সতীশ দাসক সহঃ সম্পাদক আৰু ক্ষিতীশ দাসক বিত্ত সম্পাদক হিচাপে এখন শক্তিশালী কমিটি গঠন কৰা হৈছে। সভাৰ হিচাপ-নিকাচ ২০ ফেব্ৰুৱাৰীত বিয়লী ৩ বজাত নামঘৰ প্ৰাঙ্গনত দাখিল কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।

Related Articles