Breaking

উদমাৰীত মহা লক্ষ্মী পূজা উদযাপন।

0 2,015

 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা ভেৰগাঁও মহকুমাৰ অন্তৰ্গত উদমাৰী গাঁ‌ৱতো  ৩ দিনীয়া কাৰ্যসূচীৰে  ব্যাপক ৰূপত লক্ষ্মীপূজা  আয়োজন কৰা দেখা যায়।ওদালগুৰি জিলা উদমাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ ১৯৬২ চনতে স্থাপিত কৰা এক ঐতিহ্যমণ্ডিত মন্দিৰ।কোনো ধৰনৰ চৰকাৰী আচনী ৰূপায়ণ হোৱা নাই যদিও বৰ্তমান সময়ত গাঁও বাসী ৰাইজে গাঁঠিৰ ধন খৰছ কৰি মন্দিৰটো আটক ধুনীয়াকৈ গঢ় দিবলৈ সক্ষম হৈছে। সংশ্লিষ্টত আজি লক্ষ্মীপূজা উপলক্ষে উদমাৰী গাৱৰ ঐতিহ্যমণ্ডিত মন্দিৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত বৰ্তমান সময়ত   আনন্দ উল্লাসৰ উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে।বিগত দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত ধৰ্মীয় অনুষ্ঠান বন্ধ হয় থকাত ভক্তি ভাৱ লুপ্ত হয় আছিল যদিও এইবেলি কৰোনাৰ প্ৰভাৱ ক্ৰ্মান্বয়ে হ্ৰাস পোৱাত কেতবোৰ সমস্যাৰ মাজতে  ভক্তি ৰসত দেৱী মা লক্ষ্মীৰ  শ্ৰীচৰণত আশীৰ্বাদ লবলৈ হিল-দোল ভাগি অহাৰ পৰিলক্ষিত হৈছে ।

Leave A Reply