Breaking

”অসমত হ’ব মহাজোঁটৰ চৰকাৰ”-জিতেন্দ্ৰ সিঙে:বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোঁটৰ ৰথী-মহাৰথী

0 526

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি সন্ধিয়া হোজাইৰ গোপাল নগৰস্থিত বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোটৰ শীৰ্ষ নেতাসকলৰ হঠাৎ আগমনক লৈ অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বদৰুদ্দিন আজমলৰ বাসগৃহত কংগ্ৰেছৰ জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈৰ লগতে অজিত ভূঞাও উপস্থিত থাকে।

আজমলৰ বাসগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি আমাক ইফতাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল, সেই নিমন্ত্ৰণকে ৰক্ষা কৰিব আহিছো।সেইবাবে ইয়াত ইফতাৰৰ বাদে একো আলোচনা নহয় বুলিও মন্তব্য কৰে। ইপিনে বহু সময়  আজমলৰ সৈতে সকলোৱে ভিতৰত একেলগে সময় অতিবাহিত কৰাৰ পিছত এখন গাড়ীত জিতেন্দ্ৰ সিং, প্ৰদ্যুত বৰদলৈ আৰু ৰিপুণ বৰা ওলাই অহাৰ সময়ত কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙে কয় যে অসমৰ জনতাই সিদ্ধান্ত কৰি পেলাইছে বৰ্তমানৰ চৰকাৰক উৎখাত কৰাৰ বাবে। গতিকে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব। ইপিনে আজমলৰ ঘৰত ইফতাৰ উপলক্ষে অহা বুলিও কয় সিঙে।

ইপিনে মহাজোঁটে অসমত এইবাৰ ১০০ৰ ওচৰত আসন লাভ কৰিব বুলিও মন্তব্য কৰে জিতেন্দ্ৰ সিঙে। মহাজোঁটৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰী কোন হ’ব বুলি সাংবাদিকে কৰাৰ প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে অপেক্ষা কৰক বুলি কৰে মন্তব্য।

Leave A Reply