সত্ৰনগৰী ৰামদিয়াত দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ…

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইবেলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত আৰু ৰামদিয়াবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ দুদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুসৰি যোৱাকালি ৰাতিপুৱা ভাগত আঞ্চলিক শাখাৰ সেৱা বাহিনীৰ দ্বাৰা পৰিবেশ নিকাকৰণ, আই সকলৰ নাম প্ৰসংগ ,সন্ধিয়াভাগত বন্তি প্ৰজ্বালনৰে এক ভক্তিৰসৰ পৰিবেশৰ সৃষ্টি হ’য়।

সমান্তৰালভাৱে আজি দ্বিতীয় দিনাওঁ পুৱা ভাগত কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি বিন্দু ঠাকুৰীয়াই ধৰ্মধ্বজা উত্তোলনৰ পিছত  সামূহিক নাম প্ৰসংগ ,দূপৰীয়াৰ ভাগত ভাগৱত পাঠ , আবেলি ভাগত দিহানাম পৰিবেশন আৰু সন্ধিয়া ধৰ্মধ্বজা অৱতৰণেৰে কাৰ্যসূচী সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত সমগ্ৰ ৰামদিয়া গুৰু বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে । অনুষ্ঠান ভাগিত ভিন্ন প্ৰান্তৰ আই মাতৃ বাপ বান্ধৱ ভক্তপ্ৰাণ ৰাইজৰ পদধূলিৰে এক ভক্তিৰসৰ নৈমিষ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱা দেখা যায়।

Related Articles