Breaking

তিনিটা শাখাত অনুষ্ঠিত হ’ব মহাৰণ ! ২৫ অক্টোবৰৰ পৰা সাংস্কৃতিক মহাৰণ…

0 249

২৫ অক্টোবৰৰ পৰা নৱবৰ্ষৰ ৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত অনুষ্ঠিত হব সাংস্কৃতিক মহাৰণৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এই মহাৰণত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত,

ৰবীন্দ্ৰ সংগীত আৰু বিহুনাচৰ লগতে অসমৰ লোকনৃত্য ( দলীয়)ৰ প্ৰতিযোগিতা হব। এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড,ভিচিডিচি, এম এ চি পৰ্যায়ত অনুষ্ঠিত হব বুলি সাংস্কৃতিক বিভাগে জানিবলৈ দিয়ে।

ইচ্ছুক প্ৰতিযোগী সকলে নিৰ্দিষ্ট ৱেবচাইটৰ পৰা প্ৰপত্ৰ সমূহ ১০ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। ১২ বছৰ পৰা ১৮ বছৰ পৰ্যন্ত ” ক” শাখা, ১৯ বছৰৰ পৰা ২৪ বছৰ পৰ্যন্ত “খ” শাখা আৰু ২৫ বছৰৰ পৰা ৩৫ বছৰ পৰ্যন্ত “গ” শাখাত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।

Leave A Reply