Breaking

আই পি এল ২০২৪ ছিজনত শেষবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত দেখা যাব মাহীক…

0 29

আই পি এল ২০২৪ ছিজনত শেষবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত খেলা দেখা যাব। অৱশ্যে ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। কিন্তু ধোনীৰ এই উৰাবাতৰিৰ পিছতে হতাশ হৈ পৰিছে দোনীৰ অনুৰাগীসকল। ২০২৪ চনৰ জুলাই মাহত মহেন্দ্ৰ সিং ধোনীৰ বয়স ৪৩ বছৰ হ’ব। গতিকে আই পি এল ২০২৪ মহেন্দ্ৰ সিং ধোনীৰ শেষ আই পি এল ছিজন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছত তেওঁক চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত হয়তো দেখা নাযাব।

আই পি এল ২০২৩ৰ ছিজন শেষ হোৱাৰ পিছত মহেন্দ্ৰ সিং ধোনিৰ অস্ত্ৰোপচাৰ কৰা হয়। আই পি এল ২০২৩ৰ ফাইনেলৰ পাছত আহমেদাবাদৰ পৰা পোনপটীয়াকৈ মুম্বাইত উপস্থিত হয় ধোনী, য’ত ২৯ মে’ত মাহীৰ অস্ত্ৰোপচাৰ কৰা হয়। কিন্তু এই অস্ত্ৰোপচাৰৰ পিছত ধোনীয়ে খেলপথাৰত নিজৰ শতকৰা দিব পাৰিবনে? অনুমান কৰা হৈছে যে অস্ত্ৰোপচাৰৰ পৰা মাহীৰ সুস্থ হোৱাটো সহজ হ’ব নোৱাৰে। গতিকে এই ছিজনৰ পিছত তেওঁ আই পি এলত খেলিব পৰাৰ সম্ভাৱনা বহু কম।

আচলতে ধোনী খেলপথাৰৰ বাহিৰত বহুত ব্যস্ত। ইয়াৰ বাহিৰেও ধোনী ভাৰতীয় সেনাৰ সৈতে জড়িত। বিশ্বাস কৰা হয় যে ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ পিছত ধোনীয়ে সেনাবাহিনীত সেৱা আগবঢ়াব পাৰে। ধোনীয়ে আজৰি সময়ত পথাৰত কাম কৰিও ভাল পায়। একে সময়তে মাহীয়ে পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পায়। গতিকে এই সকলোবোৰ কাৰণতে তেওঁক সম্ভৱতঃ শেষবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত দেখা যাব বুলি ধাৰণা কৰা হৈছে।


Leave A Reply