Breaking

‘মিষ্টাৰ গগৈ’ শব্দক লৈ মহুৱা মৈত্ৰৰ পুনৰ ৰী টুইট। মিষ্টাৰ গগৈ’ বুলি ৰঞ্জন গগৈক বুজাইছিলো…

0 171

সকলো গগৈকে লক্ষ্য কৰি নাই লোৱা বুলি টুইট কৰিলে মহুৱা মৈত্ৰই। ‘মিষ্টাৰ গগৈ’ শব্দক লৈ মহুৱা মৈত্ৰৰ পুনৰ ৰী টুইট। মিষ্টাৰ গগৈ’ বুলি ৰঞ্জন গগৈক বুজাইছিলো।

দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত পুনৰ ৰী টুইট কৰি স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই।সকলো গগৈকে লক্ষ্য কৰি নাই লোৱা বুলি টুইট কৰিলে মহুৱা মৈত্ৰই।

তৃণমূলৰ নেত্ৰীগৰাকীয়ে লোকসভাৰ এটা বিষয়ৰ বিৰোধিতা কৰিবলৈ গৈ সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমানসূচক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল অসমৰ জাতীয় সংগঠন।

তেওঁৰ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈও দাবী উত্থাপন কৰিছিল।অৱশেষত ৰী টুইট কৰি এইবাৰ ৰঞ্জন গগৈক পোনপটীয়াকৈ আক্ৰমণ মহুৱা মৈত্ৰৰ।

ৰী টুইট কৰি মহুৱা মৈত্ৰই কয় যে,”মিষ্টাৰ গগৈ’ বুলি ৰঞ্জন গগৈক বুজাইছিলো।” উল্লেখযোগ্য যে,সাংসদ মহুৱা মৈত্ৰৰ টুইটৰ পিছত অসমৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ উদ্গীৰণ ঘটিছিল।

Leave A Reply