Breaking

শ্বিলঙৰ পৰা গুৱাহাটীহৈ বৰঝাৰ বিমানবন্দৰ পথৰ বিপৰীতে উন্নীতকৰণ হব মাইৰাং-ৰাণী-আজাৰা সংযোগী পথ

0 83

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা জি এছ ৰোডৰে গুৱাহাটীহৈ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ ৰাজ্যখনৰ পৰা দৈনিক দেশৰ বিভিন্ন প্ৰান্তলৈ বিমানেৰে অহা-যোৱা কৰিবৰ বাবে কেবা শতাধিক লোকৰ আগমন হয় । ইফালে বৰ্দ্ধিত যান বাহনৰ বাবে শ্বিলং চহৰত   যানজটৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে । সমান্তৰালভাৱে শ্বিলঙৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ প্ৰায় ১২৮ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাত কেৱল যানজটৰ বাবে প্ৰায় চাৰিৰ পৰা পাচ ঘণ্টা সময়ৰ প্ৰয়োজন হয় ।এই সমস্যাটো সমাধান কৰাৰ বাবে মেঘালয় চৰকাৰে শ্বিলঙৰ পৰা মাইৰাংহৈ জিৰাং – ৰাণী -আজাৰা সংযোগী পথচোৱা উন্নীতকৰণৰ বাবে আঁচনি গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে শ্বিলঙৰ পৰা মাইৰাং চহৰলৈ দূৰত্ব মাত্ৰ ৪০ কিঃমিঃ । তেনেদৰে মাইৰাঙৰ পৰা অসমৰ ৰাণী হৈ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আজাৰা ৰাণীগেটলৈ দূৰত্ব প্ৰায় ৭৯ কিঃমিঃ । ৰাণীগেটৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ দূৰত্ব প্ৰায় ২ কিঃমিঃ । অৰ্থাৎ শ্বিলঙৰ পৰা মাইৰাং -ৰাণী – আজাৰা ( এম আৰ এ ) সংযোগী পথৰ দূৰত্ব হব প্ৰায় ১১৯ কিঃমিঃ । ইতিমধ্যে মেঘালয় চৰকাৰে বৰঝাৰ বিমানবন্দৰলৈ অহা যোৱা কৰিবৰ বাবে বিকল্প পথ হিচাপে ঘোষনা কৰিছে এম আৰ এ পথচোৱা । অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰি ৭৯ কিঃমিঃ দৈৰ্ঘ্যৰ  এম আৰ এ পথচোৱাৰ উন্নীতকৰণৰ বাবে ১৯৬ কৌটি টকাৰ অনুমোদন দিছে । যোৱা ২৪ ফেব্ৰুৱাৰীত পশ্চিম খাচী পাহাৰ জিলাৰ মাইৰাঙত পথচোৱাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোৱে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মেঘালয়ৰ পৰিবহন মন্ত্ৰী এছ এইছ ধৰ , জলসম্পদ মন্ত্ৰী বি নংছেই , জিৰাঙৰ বিধায়ক চছঠেং চতুন , গড়কাপ্তানী বিভাগৰ সচিব টি জি নেনগং , মুখ্য অভিযন্তা এল ডি চুচিযাং , মাইৰাং মহকুমাৰ মহকুমাধিপতি এ নংবৰীকে ধৰি উচ্চপদস্থ বিষয়া সকল আৰু  বহু ৰাইজ  উপস্থিত থাকে । আনহাতে আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ সচিবে দুবছৰৰ ভিতৰত পথচোৱাৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ হব বুলি ঘোষনা কৰে । ইফালে পৰ্যটনৰ প্ৰচুৰ সম্ভাবনা থকা কিন্তু প্ৰচাৰৰ অভাৱত উপেক্ষিত হৈ থকা এম আৰ এ পথচোৱা উন্নীতকৰণ হলে পথচোৱাৰ  প্ৰায় ১৭ কিঃমিঃ অংশ তথা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা অসম মেঘালয় সীমান্তৰ ৰাণী শুকুৰবৰীয়ালৈ বৃহত্তৰ অঞ্চলটোৰ আক্ষৰিক অৰ্থতে পৰিবৰ্তন হোৱাটো নিশ্চিত । নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অঞ্চলটোৰ মাজেৰে থকা পথচোৱাৰ মাজেৰে মানুহৰ আহ – যাহ আৰম্ভ হলে আৰ্থ সামাজিক ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পৰিব । জানিব পৰা মতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ এক বিস্তৃত অঞ্চল মেঘালয়ৰ ৰি ভয় জিলা আৰু জিৰাং সমষ্টিয়ে আৱৰি থকা বাবে দুয়োখন ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত অসম সংযোগী পথ সমুহ উন্নীতকৰণ কৰাৰ লগতে সীমা সমস্যা সমাধানৰ বাবে ২০১৮ চনতে মেঘালয় চৰকাৰৰ  গড়কাপ্তানী বিভাগৰ মন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । আনকি এই সন্দৰ্ভত বিধায়ক কলিতাই জিৰাং সমষ্টিৰ বিধায়ক চছঠেং চতুনৰ সৈতেও নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছিল ।  ইফালে প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো বিগত চাৰে চাৰি বছৰত পশ্চিম গুৱাহাটী সমষ্টিৰ মেঘালয় সংযোগী পথ সমূহ  অসম চৰকাৰৰ  জৰিয়তে উন্নয়ন সাধন কৰিছে । শেহতীয়াভাবে মেঘালয় চৰকাৰে এম আৰ এ পথটো উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

Leave A Reply