Breaking

স্বচ্ছ-নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ মাজুলী জিলা প্ৰশাসন

0 2,045

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ সূচী অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ৯৯ নং মাজুলী বিধান সভা সমষ্টি(এচ টি)ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে-লগে মাজুলী সমষ্টিত স্বচ্ছ আৰু নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জনাবলৈ আজি সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে জিলাখনৰ  অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা (নিৰ্বাচন) ই ৷

বিষয়া গৰাকীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে-লগে জিলাখনত গঠন কৰা ফ্লাইং স্কোৱাদৰ দলে জিলাখনত থকা চৰকাৰ , ৰাজনৈতিক দলৰ হ’ৰ্ডিং , বেনাৰ ,  দেৱাল লিখন আঁতৰোৱাৰ কাম আৰম্ভ কৰাৰ কথা সংবাদমেলত সদৰি কৰে ৷

ক’ভিড প্ৰ’টকল মতে পূৰ্বৰ ১৬৪ টা ভোট গ্ৰহণ কেন্দ্ৰৰ উপৰিও অতিৰিক্ত ৩১ টা ভোট গ্ৰহণ কেন্দ্ৰ এইবাৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ সমষ্টিটোএইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩০৪৬৮ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬৬৫০৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৩৯৫৮ গৰাকী ৷

সমষ্টিটোক ৮ টা জ’নত ভাগ কৰাৰ লগতে পাঁচটা আদৰ্শ ভোট কেন্দ্ৰৰ লগতে পোন্ধৰটা মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ নিৰ্বাচন আয়োগে ৮০ বছৰ উদ্ধৰ ভোটাৰ , বিশেষ ভাৱে সক্ষম আৰু চাৰ্ভিচ ভোটাৰৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে পোষ্টেল বেলটৰ কাম-কাজ আৰম্ভ হোৱাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে ৷  

নিৰ্বাচনৰ বাবে ২ মাৰ্চত জাননী জাৰী কৰাৰ পিছত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ আৰু মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ১২ মাৰ্চ ধাৰ্য কৰিছে ৷ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন সম্পকীয় সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে ল’বলগীয়া অনুমতি আৰু যিকোনো অভিযোগৰ বাবে “সুবিধা” আৰু “চি ভিছিল” নামৰ দুটা এপ মুকলি কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ 

অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা(নিৰ্বাচন)ই কয় যে -মাজুলী শান্তিপ্ৰিয় ঠাই ৷ ইয়াৰ সুনাম আছে ৷ গতিকে আগন্তুক নিৰ্বাচন যাতে এই সমষ্টিত সূকলমে হৈ যায় তাৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ মাজুলীবাসীক আহবান জনাইছে ৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্তদ্বয় কাৰ্তিক কলিতা , বিপুল দাস , অতিৰিক্ত আয়ুক্তদ্বয় বিভাস পাঠক , হিমাদ্ৰী বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷ 

Leave A Reply