Breaking

মাজুলী জিলা সাহিত্য সভাৰ নিজৰ দিন পালন, সাতগৰাকী বিশিষ্ট ব্যক্তিক ওলগ জনাই…

0 42

অসম সাহিত্য সভাৰ অন্তৰ্গত অন্যতম জিলা মাজুলী জিলা সাহিত্য সভাই ‘নিজৰ দিন’ উপলক্ষে পহিলা ব’হাগৰ দিনটোত বৃহত্তৰ মাজুলীৰ সাতগৰাকী বিশিষ্ট ব্যক্তিক নিজা নিজা বাসগৃহত উপস্থিত হৈ ওলগণি জনায়।

মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, জিলা উপ-সভাপতি ৰুবী শইকীয়া, জিলা কুঁহি আহ্বায়ক গোলাপ চন্দ্ৰ নাথ আৰু অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ কুঁহি সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, জিলা সভাৰ ধন ভৰালী প্ৰণৱজিত মিশ্ৰ, জিলা কাৰ্যনিৰ্বাহক সদস্য অনুপ্ৰভা দেৱী, কৃষ্ণাৰাণী শইকীয়া বৰুৱাৰ নেতৃত্বত পৃথকে পৃথকে যোৱা দুটা সজাঁতি দলে ক্ৰমে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামী, শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামী, মাজুলী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ আনন্দ হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী সমৰজিত সেন, মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰা বুঢ়াভকত, অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ ফুকন, অৱসৰপ্ৰাপ্ত চিকিৎসক ডঃ বিশ্বেশ্বৰ পেগুক অসম সাহিত্য সভাৰ ওলগণি পত্ৰ, গামোচা-বিহুৱান-গ্ৰন্থৰে সম্বৰ্ধনা জনায়।

প্ৰতিগৰাকী সম্বৰ্ধিত ব্যক্তিয়ে অসম সাহিত্য সভাৰ বিশেষ কাৰ্যসূচীটি সুকলমে সমাপন কৰাৰ বাবে অসম সাহিত্য সভাৰ আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকললৈ শলাগ জ্ঞাপন কৰে।

Leave A Reply