Breaking

ক্ষোভত জ্বলিছে মাজুলীঃ মন্ত্রী বিমল বৰাক ঘেৰাও; প্রতিবাদকাৰীক আৰক্ষীৰ লাঠীচালনা

0 2,026

ব্রহ্মপুত্রৰ বুকুত হোৱা ভয়ংকৰ নাও দুর্ঘটনাই ব্যাপক প্রতিক্রিয়া অব্যাহত আছে দ্বীপ জিলা মাজুলীত৷ কালিৰ দুর্ঘটনাৰ তদন্তৰ দাবী জনাই বৃহস্পতিবাৰে মাজুলীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

কমলাবাৰীত সদৌ মাজুলী জিলা ছাত্র সন্থাই ক’লা পতকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰি দিনটো ক’লা দিন হিচাপে পালন কৰে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু মাজুলী জিলা প্রশাসনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে জিলা ছাত্র সন্থাই৷ প্রতিবাদকাৰীসকলে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷

ব্রহ্মপুত্রত হোৱা নাও দুর্ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে মাজুলী জিলাৰ উপায়ুক্ত বিক্রম কৈৰীৰ বদলিৰ দাবী জনায়৷ প্রতিবাদকাৰীয়ে চন্দ্রমোহন পাটোৱাৰী হায় হায় ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷

আনহাতে, একে স্থানতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ মাজুলী জিলা সমিতিয়ে কেন্দ্রীয় মন্ত্রী তথা মাজুলীৰ বিধায়ক সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰে৷ কর্মীসকলে সর্বানন্দ সোণোৱাল হায় হায় ধ্বনি দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ ফলত কমলাবাৰীত এক অভাৱনীয় পৰিৱেশ সূচনা হয়৷ আনহাতে, যুৱ–ছাত্র পৰিষদে কমলাবাৰীত ফেৰী দুর্ঘটনাত নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷

আনহাতে, মাজুলীৰ গডমূৰত মাজুলীৰ বৃহত্তৰ ছাত্র সমাজ স্বতঃস্ফূর্তভাৱে ওলাই আহি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কার্যালয়ৰ প্রৱেশ পথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে আমাক সুৰক্ষা লাগে, আমাক বিচাৰ লাগে, মাজুলীয়ে দলং বিচাৰিছে, অকর্মণ্য মাজুলীৰ বিধায়ক হায় হায়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নাকী লগাওক, মাজুলীৰ উপায়ুক্তক বর্খাস্ত কৰক আদি প্রতিবাদী শ্লোগানেৰে গড়মূৰৰ আকাশ–বতাহ কঁপাই তোলে৷ দুই সহস্রাধিক প্রতিবাদকাৰীয়ে উপায়ুক্ত কার্যালয়ৰ পথৰ ফালে অগ্রসৰ হোৱাত আৰক্ষীয়ে বেৰিকেড বনাই প্রতিবাদকাৰীক সোমোৱাত বাধা দিয়ে৷ প্রচণ্ড ৰ’দ আৰু গৰমকো নেওচি প্রতিবাদকাৰীসকলে ৰাজপথতে বহি অৱস্থান কৰি উক্ত শ্লোগান আৰম্ভ কৰে৷

প্রতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্রীসহ মাজুলীলৈ অহা শক্তিমন্ত্রী তথা মাজুলীৰ অভিভাৱক মন্ত্রী বিমল বৰা আগবাঢ়ি আহি প্রতিবাদীকাৰীসকলক বুজাবলৈ চেষ্টা কৰিছিল যদিও প্রতিবাদকাৰীসকলে মন্ত্রীগৰাকীক বিভিন্ন প্রশ্ণৰে থকা–সৰকা কৰে আৰু উপায়ুক্তক বর্খাস্ত কৰিবলৈ দাবী জনায়৷

এফালে ৰাজপথত প্রতিবাদকাৰীৰ উত্তাল প্রতিবাদ আনফালে আৱর্ত ভৱনত মুখ্যমন্ত্রীয়ে দল–সংগঠনৰ লগত আলোচনাৰ অন্তত সাংবাদিকক সাক্ষাৎ কৰি মাজুলীৰ পৰা হেলিকপ্টাৰে ৰাওনা হোৱাৰ ঠিক পাছতেই প্রতিবাদকাৰীসকলক মুখ্যমন্ত্রীয়ে সাক্ষাৎ নিদিয়াত পুনৰ ক্ষুব্ধ হৈ বেৰিকেডৰ সন্মুুখত বেৰিকেড ভাঙি যাবলৈ উদ্যত হোৱাত অতিৰিক্ত উপায়ুক্ত কার্তিক কলিতাৰ নির্দেশত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে প্রতিবাদকাৰীসকলৰ্ ওপৰত লাঠীচালনা কৰে৷ এই লাঠীচালনৰ ঘটনাত প্রায় ৬জন প্রতিবাদকাৰী আহত হয়৷ প্রায় ৫ ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি প্রতিবাদকাৰীসকলে এই প্রতিবাদ সাব্যস্ত কৰে৷

Leave A Reply