Breaking

মাজুলী মোৰ নিজৰ ঠাই; মই সদায় লগত আছোঁঃ জুবিন গাৰ্গ

0 2,068

অভিশপ্ত বুধবাৰৰ সন্ধিয়া যোৰহাটৰ নিমাতীঘাটত উঠিল কান্দোনৰ ৰোল৷ মৰণকাতৰ আর্তনাদে কঁপাই তুলিলে নিমাতীঘাটৰ আকাশ–বতাহ৷ বুধবাৰে বিয়লি প্রায় চাৰি বজাত নিমাতীঘাটৰ সমীপতে ব্রহ্মপুত্রৰ বুকুত সংঘটিত হ’ল এই হূদয়বিদাৰক দুর্ঘটনা৷

এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। মাজুলী মোৰ নিজৰ ঠাই বুলি উল্লেখ কৰি কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ ক্ষোভ উজাৰিলে। তেওঁ লিখিছে, “সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷ মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷”

Leave A Reply