Breaking

নিমাতীঘাট ট্রেজেডীৰ পাছত মাজুলীবাসীৰ হাহাকাৰ

0 1,528

নিমাতীঘাট ট্রেজেডীৰ পাছত যাতায়াতৰ ক্ষেত্রত মাজুলীবাসীৰ মাজত একপ্রকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ নিমাতীঘাটৰ পৰা মাজুলীলৈ পর্যাপ্ত জাহাজৰ অভাৱত যাত্রীয়ে জীয়াতু ভুগিবলগীয়া হৈছে৷ বিশেষকৈ স্বাস্থ্যজনিত কাৰণত যোৰহাটলৈ আহিবলগীয়া ৰোগী, শিক্ষাকে ধৰি বিভিন্ন কামত যোৰহাট–গুৱাহাটীলৈ আহিবলগীয়া লোকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছতেই চৰকাৰে নাৱৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰে৷ একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷ ফলত দিনটোত ৪০০ যাত্রীহে ইপাৰৰ পৰা সিপাৰলৈ যাব পৰাৰ ব্যৱস্থা হৈছে৷ ইয়াৰ ফলত জনসাধাৰণে পুৱা চাৰি বজাৰ পৰাই ৰ’পেক্সৰ বাবে দীঘলীয়া শাৰী পাতিবলগা হয়৷ আনকি কালি বিয়লিৰ ভাগত নিমাতীঘাটলৈ আহিবলগা যাত্রীয়ে ৰ’পেক্সৰ টিকট নাপাই ওৰেনিশা মাজুলীৰ পাৰঘাটতেই অনাহাৰে–উজাগৰে, মহ–ডাঁহৰ কামোৰ খাই কটাবলগীয়া হয়৷ দিনৰ ১১ বজাৰ পৰা শাৰী পাতিও সেইসকল লোকে বিয়লি তিনি বজাৰ ৰ’পেক্সৰ ওভতাৰ সুযোগ নাপালে৷ একেই অৱস্থা দেওবাৰৰ দিনটোতো৷

মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত পুৱা চাৰি বজাৰ পৰাই যাত্রীৰ দীঘলীয়া শাৰী৷ বহু লোকে আজিও ৰ’পেক্সৰ টিকট নাপাই পাৰঘাটতেই কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ নিমাতীঘাট আৰু মাজুলীত উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পর্কত ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে যাত্রীৰ চাহিদা পূৰণ কৰিবলৈ আৰু দুখন জাহাজ নিমাতীঘাটলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীৰ পৰা আহিবলগীয়া এই জাহাজ দুখন অহা দুই–তিনি দিনৰ ভিতৰত নিমাতীঘাট পোৱাৰ আশা কৰা হৈছে৷ সেইদৰে ৰ’পেক্সৰ টিকটৰ বাবে যাত্রীৰ দীঘলীয়া শাৰীৰ প্রসংগত তেওঁ কয় যে অচিৰেই অনলাইনযোগেও টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে টিকট দিয়াৰ ব্যৱস্থা কৰিব৷ এসপ্তাহৰ ভিতৰত এই ব্যৱস্থা কার্যকৰী কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ বাবে তেওঁ গুৱাহাটীৰ পৰা এমট্র’নৰ বিষয়া–কর্মচাৰী নিমাতীঘাটলৈ মাতি আনিছে৷ তেওঁলোকে বর্তমান জৰীপ চলাই আছে৷ জলপথেৰে যাত্রা কৰা প্রতিগৰাকী লোকে লাইফ জেকেট পিন্ধাটো নিশ্চিত কৰাৰ লগতে যাত্রীসকলৰ নাম–ঠিকনা আৰু ফোন নম্বৰ লিপিবদ্ধ কৰাৰো ব্যৱস্থা কৰা হৈছে৷

ইপিনে, মাজুলীৰ পৰা জলপথ স্পর্শ নকৰাকৈ ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহাৰ স্থলপথ আছে যদিও সেই পথেৰেও নাই গুৱাহাটীলৈ অহাৰ পর্যাপ্ত বাছ সেৱা৷ সাধাৰণতে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া যাত্রীসকলে নিমাতীঘাট হৈ যোৰহাটলৈ আহি তাৰ পৰা বাছযোগে গুৱাহাটীলৈ আহে৷ কিন্তু বর্তমান মাজুলীৰ পৰা নিমাতীঘাট অহাটো যথেষ্ট কষ্টকৰ হৈ পৰাত বহুতে ঢ়কুৱাখনা হৈ স্থলপথেৰেই অহাৰ চিন্তা কৰিও থমকিবলগীয়া হৈছে৷ কাৰণ সেই পথটোৰে গুৱাহাটীলৈ বাছ সেৱা পর্যাপ্ত নহয়৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সূত্রই জানিবলৈ দিয়া মতে, বর্তমান মাজুলী আৰু গুৱাহাটীৰ মাজত মাত্র এখন বাছেই চলাচল কৰে৷ পুৱাৰ ভাগত গুৱাহাটীৰ পৰা এখন বাছ মাজুলীলৈ যায় আৰু মাজুলীৰ পৰা এখন বাছ গুৱাহাটীলৈ আহে৷ অৱশ্যে আজিৰে পৰা সন্ধিয়া ৫.৪৫ বজাত আন এখনকৈ বাছ গুৱাহাটীৰ পৰা মাজুলীলৈ আৰু মাজুলীৰ পৰা গুৱাহাটীলৈ চলাচলৰ ব্যৱস্থা কৰিব৷

সূত্রটোৰ মতে, যাত্রীৰ চাহিদাৰ ওপৰত নির্ভৰ কৰি প্রয়োজনত সেই পথটোত পৰিবহণ নিগমে আৰু অধিক বাছৰ চলাচলৰ ব্যৱস্থা কৰিব৷ কিন্তু নিগমৰ বাবে সমস্যাটো হৈছে যাত্রীৰ ভিৰ সেই পথটোত তেনেই কম৷ দীঘলীয়া সময়ৰ যাত্রাৰ বাবেই সেই পথেৰে যাতায়াত কৰা যাত্রীৰ সংখ্যা কম হয়৷ ইয়াৰ পৰিৱর্তে গৰিষ্ঠসংখ্যক যাত্রীয়ে যাত্রাৰ দূৰত্ব কম হয় বাবেই মাজুলীৰ পৰা নিমাতীঘাটলৈ আহি যোৰহাটৰ পৰাহে গুৱাহাটীলৈ অহাৰ পোষকতা কৰে৷ অৱশ্যে এতিয়া মাজুলীৰ পৰা নিমাতীঘাটলৈ অহাটো যিহেতু যথেষ্ট কষ্টকৰ হৈ পৰিছে, সেয়ে জনসাধাৰণে ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহা স্থলপথটোৱেই বাছি ল’ব বুলি আশা প্রকাশ কৰে৷ সেই অনুসৰিয়েই ক’ভিড পৰিস্থিতিৰ বাবে যোৱা চাৰি মাহৰো অধিক সময় বন্ধ হৈ থকা মাজুলী–গুৱাহাটীৰ নৈশ বাছসেৱা আজিৰে পৰা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে৷

Leave A Reply