Breaking

অসমৰ অগ্নি গৰ্ভা পৰিস্থিতিত চৰকাৰ গঠনৰ হোহকা- পিচলা কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত অসন্তুষ্টি মাজুলী বাসীৰ: সৰ্বানন্দ সোণোৱাল মূখ্যমন্ত্ৰী থকা স্বত্বেও দ্বিতীয় এগৰাকীৰ প্ৰয়োজন ক’ত ?

0 2,032

দ্বিতীয় বাৰৰ বাবে একক সংখ্যা গৰিষ্ঠ আসনত জয়লাভ কৰা অসমৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টো লৈ হোহকা পিচলা কৰা কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী বাসীয়ে। দেশৰ এনে অগ্নগৰ্ভা পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন । কেৱল মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টোৰে অনিশ্চয়তাৰ সৃষ্টি কৰি অসমবাসীক বিপদৰ সময়ত  অনিশ্চিত ভৱিষ্যতৰ ইংগিত দিছে । অসমৰ বিজেপি দলৰ উত্থানৰ মূল হোতা,দক্ষ আৰু সৰ্বজন সমাদৃত মূখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল বিদ্যমান স্বত্বেও ইয়াত লৈ অযথা ৰাজনীতি কৰি বিভাজনৰ ৰাজনীতি নকৰিবলৈ মাজুলী বাসীয়ে সকীয়াই দিয়ে আৰু অনতি পলমে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ দাবী জনায়। মূখ্যমন্ত্ৰী সলনি কৰাৰ অপচেষ্টাত বিভিন্ন দলৰ বক্তব্য চৰকাৰ খনক অস্থিৰ কৰাৰ এক অভিসন্ধি বুলি আজিৰ সভাই  মতপোষণ কৰে। ৰাইজৰ সেৱা কৰিব বুলি ভোট ভিক্ষা কৰা বহু কেইজন বিধায়কে পোনপটীয়াকৈ বৰ্তমানৰ মূখ্যমন্ত্ৰীৰ পৰিবৰ্তে আন কাৰোবাক বিচৰাৰ ৰহস্য কি জনসাধাৰণে এতিয়া বুজিবলৈ বাকী নাই । এনে জনপ্ৰতিধিৰ দ্বাৰা দলটো সুৰক্ষিত হ’ব বুলি বিশ্বাস কৰিবলৈ টান আৰু জনসাধাৰণ কেনেধৰণৰ সেৱা আগবঢ়াব সেয়াও অনিশ্চিত।

আজি কমলাবাৰীত মাজুলীৰ দলসংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত  মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বুঢ়া ভকত, ভোগপুৰ, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ সকলক, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° আনন্দ হাজৰিকা, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, মাজুলী জিলা মাছৰ প্ৰাক্তন সভাপতি তিলক ৰাজখোৱা, হিন্দু যুব ছাত্ৰ পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি গোস্বামী, অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি নিতুল হাজৰিকা প্ৰমুখ্যে টি এম পি কৰে, সংবাদ প্ৰতিষ্ঠান, সংবাদ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।

Leave A Reply