Breaking

মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়

0 2,035

মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয় খন ৫ মাহ ১০ দিনত ৮ জন মাজুলী শালমৰা শিল্পীয়ে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াইছে।বেংগেলুৰুৰ কৰুণা ট্ৰাষ্ট্ৰ’ নামৰ এন জিঅ এটাই সম্পূৰ্ণ বিনামূলীয়া কৈ দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে উৎসগিত কৰিব।জীৱনদায়ীনিৰ ৰূপত চৰ বাসীৰ মাজত থাকিব এই নৌকা চিকিৎসালয়খন। মাজুলীৰ সমাজ কৰ্মী ধ্ৰুৱ গোস্বামী ৰ পৰিচালনাত নিৰ্মাণ হোৱা দুই মহলীয়া নৌকা চিকিৎসালয়খনত ৯ টাকৈ কোঠা আছে।দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট চিকিৎসালয় খনত আছে চিকিৎসকৰ কোঠা,প্ৰসুতিৰ বিশেষ কক্ষ,অ পি টি ,লেবাৰ কক্ষ, নাৰ্চৰ কক্ষ,লেবটৰী কক্ষ,ফাৰ্মাচি কক্ষ,শীত তাপ নিয়ন্ত্ৰিত কক্ষ ,কৰ্মচাৰী কক্ষ, দুটাকৈ শৌচাগাৰ, এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা, অত্যাধুনিক ইঞ্জিনযুক্ত এখন বিশেষ নৌকা।চৰকাৰী চিকিৎলয়ৰ সকলো সুবিধা লাভ কৰিব এইখন ভাম্যমান চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা দৰিদ্ৰ দূৰ্গম অঞ্চলৰ ৰোগী ,তথা প্ৰসুতিৰ বাবে সঞ্জিৱনী হ’ব এইখন নৌকা চিকিৎসালয়। আজি মাজুলীৰ পৰা গহপুৰলৈ নিব এইখন চিকিৎসালয়।

Leave A Reply