মাজুলীৰ নবীন কবি পপী দাসৰ কাব্য সংকলন ‘কবিতাৰ কৃষ্ণচূড়া’ উন্মোচন । Majuli

Majuli । মাজুলীৰ উদীয়মান কবি পপী দাসৰ প্ৰথম কাব্য সংকলন ‘কবিতাৰ কৃষ্ণচূড়া’ বৃহস্পতিবাৰে মাজুলীৰ আয়াং অকুমত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ পুৰুলিল প্ৰকাশনে প্ৰকাশ কৰা এই কাব্য সংকলনখন উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইনে।

কাব্য সংকলনখন উন্মোচন কৰি ছৈয়দ পাৰভিজ হোছেইনে কয়, “মাজুলীৰ মানুহক বছৰি বানে জুৰুলা কৰিলেও ইয়াৰ মানুহৰ সৃষ্টিশীলতা কেতিয়াও স্তব্ধ হোৱা নাই। মাজুলীৰ কবি, লেখক আৰু শিল্পীসকলৰ সৃষ্টিয়ে সেই কথাকে প্ৰতিপন্ন কৰে। কবি পপী দাসৰ কবিতাত এক চিৰসেউজ আবেদন আছে। তেওঁ নিয়মীয়াকৈ সাহিত্য চৰ্চা অব্যাহত ৰাখিলে অসমীয়া কাব্য সাহিত্যই ভৱিষ্যতে তেওঁৰ পৰা বহু মূল্যৱান সৃষ্টি লাভ কৰিব।”

সত্ৰভূমি মাজুলীৰ গড়মূৰ চিতাদাৰচুকৰ লুইতৰ পাৰত অৱস্থিত মনোৰম পৰিৱেশৰ **‘আয়াং অকুম’**ত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকাই। অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰঞ্জিৎ কুমাৰ ভূঞাই।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, সাংবাদিক-লেখক ৰাজীৱ বৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু শিল্পী-লেখক আমিয় কুমাৰ চিৰাঙে বক্তব্য আগবঢ়াই নবীন কবিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কাব্যচৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, কবি পপী দাসৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত এক বিশেষ কবিতা পাঠৰ আসৰো অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কবি জয়ন্ত হাজৰিকা, নয়নমণি দাস, মনোৰঞ্জন দাস, সদৌ অসম কবি সন্মিলন মাজুলী জিলাৰ সম্পাদক শ্যামন্ত পায়েং, লক্ষীপ্ৰসাদ ৰেগন, ধ্ৰুৱজ্যোতি বৰা, ৰাজু কলিতা, দীপাংকৰ জ্যোতি বৰা, অশ্বিনী কলিতা, ত্ৰিপুৰাজ দলে, কৃষ্ণা মেধি, পপী দাস, মল্লিকা বৰা, পম্পী হাজৰিকা, কেশৱ দলে, ৰেখা মুদৈ, পিংকুমণি হাজৰিকাসহ বহু কবি-সাহিত্যপ্ৰেমীয়ে কবিতা পাঠ কৰাৰ লগতে কাব্য সংকলনখনৰ সাহিত্যিক মূল্য আৰু তাৎপৰ্য সন্দৰ্ভতো নিজৰ মতামত ব্যক্ত কৰে।

অনুষ্ঠানটোৱে মাজুলীৰ সাহিত্য-সংস্কৃতি জগতত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে নবীন কবি পপী দাসৰ সাহিত্যিক যাত্ৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

Related Articles