Breaking

এজন চলচ্চিত্ৰ নিৰ্মাতাই ভুলতে পত্নীৰ সলনি ধৰিলে মলাইকা অৰোৰাৰ হাতখন, অনুৰাগীৰ মন্তব্য “এইটোৱেই হৈছে ভুল কৰাৰ বয়স।”

0 52

ভুলতে ভুল! এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই পত্নীৰ সলনি মলাইকা অৰোৰাৰ হাতখন ধৰিলে! ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাৰ এটা ভিডিঅ’, য’ত এজন ছবি নিৰ্মাতাই তেওঁৰ পত্নীৰ হাতৰ সলনি ধৰিলে মালাইকা আৰোৰা হাত খন। চিনেমা নিৰ্মাতা ৰিতেশ সিধৱানীয়ে ভুলতে মলাইকা অৰোৰাৰ হাতত ধৰি কৰিলে এই কাৰ্য। ছ’চিয়েল মিডিয়াত ভাইৰেল সেই ভিডিঅ’টো।

আচলতে কিছুদিন আগতে মলাইকা অৰোৰাক ৰিতেশ সিধৱানী আৰু তেওঁৰ পত্নী ডলী সিধৱানীৰ সৈতে ৰাতিৰ আহাৰ একেলগে কৰা দেখা গৈছিল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ইয়াৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, যিটো অতি হাস্য়কৰ। ভিডিঅ’টোত দেখা গৈছে যে ৰিতেশে ভুলতে পত্নী ডলীৰ সলনি মলাইকা অৰোৰাৰ হাতত ধৰাৰ। ভিডিঅ’টো চাওক-

মলাইকা অৰোৰাই সেই ঠাইৰ পৰা মনে মনে গুচি গৈ গাড়ীত বহি ডলীৰ লগত হাঁহিবলৈ ধৰিলে। মলাইকা আৰু ৰিতেশৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰিলে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এইটোৱেই হৈছে ভুল কৰাৰ বয়স।” ইয়াৰ বাহিৰেও বহু লোকে তেওঁৰ এই ভিডিঅ’টোক লৈ ঠাট্টা-মস্কৰা কৰিছে।

Leave A Reply