Breaking

তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্থ ৰেড্ডীৰ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মল্লু ভট্টী বিক্ৰমাৰ্কাই…

0 53

তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰেৱন্থ ৰেড্ডীয়ে,উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মল্লু ভট্টী বিক্ৰমাৰ্কাই

উপস্থিত থাকিল ছোনিয়া গান্ধীকে ধৰি গান্ধী পৰিয়ালৰ সকলো সদস্য

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সন্মান ৰক্ষা কৰা তেলেংগানাই আজি পালে ৰাজ্য খনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী। বৃহস্পতিবাৰে তেলেংগানাৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰাজ্য খনৰ এগৰাকী জনপ্ৰিয় নেতা ৰেৱন্থ ৰেড্ডীয়ে। হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত শপতগ্ৰহণ পৰ্বত ৰাজ্যপাল তামিলিছাই সুন্দৰৰাজনে ৰেৱন্থ ৰেড্ডীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

ৰেৱন্থ ৰেড্ডীৰ সৈতে মল্লু ভট্টী বিক্ৰমাৰ্কাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এইবোৰৰ বাহিৰেও নলমাদা উত্তম কুমাৰ ৰেড্ডী, চি দামোদৰ ৰাজনাৰসিংহ, কমতিৰেদ্দি ভেংকটা ৰেড্ডী, এছ. দুদিল্লা শ্ৰীধৰ বাবু, পংগুলেব শ্ৰীনিবাস ৰেড্ডী, পোন্নম প্ৰভাকৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দীপেন্দ্ৰ হুদা আদি উপস্থিত থাকে। ইয়াৰ উপৰিও এই অনুষ্ঠানত কংগ্ৰেছৰ আন বহু জ্যেষ্ঠ নেতাও উপস্থিত আছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজা ৰেৱন্থ ৰেড্ডীও উপস্থিত থাকে। ৰেড্ডীয়ে আৰ এছ এছ-ৰ সৈতে জড়িত ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছত তেওঁ কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিত (টিআৰএছ) যোগদান কৰে। সেই দলটোৰেই এতিয়া নাম হৈছে বিআৰএছ ।

অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ ২০০৬ চনত টিআৰএছ ত্যাগ কৰিছিল। দুবছৰ পিছত, তেওঁ এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হয়। ডেড্ডীয়ে ২০০৯ চনত কোদাংগলৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০১৭ চনত তেওঁ তেলেংগানা অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হোৱাৰ পিছত টিডিপিৰ প্ৰভাৱ হ্ৰাস হোৱা দেখি কংগ্ৰেছলৈ আহিছিল। ।তেওঁক ২০২১ চনৰ জুলাই মাহত তেলেংগানা কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্ত কৰা হৈছিল। টিডিপিৰ পৰা কংগ্ৰেছলৈ পৰিৱৰ্তন আৰু দলত তেওঁৰ পদোন্নতিয়ে ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছে। অৱশ্যে ৰেৱন্থৰ বিৰোধীয়ে তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ পৰা বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁ দলৰ শীৰ্ষ নেতাৰ প্ৰথম পছন্দ হৈয়েই থাকিল। দৰাচলতে ৰেৱন্থ তেলেংগানাত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে আৰু পাছতো বি আৰ এছৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰচাৰৰ মুখ হৈয়েই থাকিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ১১৯খন আসনৰ ভিতৰত ৬৪খন আসনত জয়লাভ কৰিছে কংগ্ৰেছে।

Leave A Reply