Breaking

‘ঘোঁৰা’ খ্যাত মানস চলিহাৰ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান ! অসম আৰক্ষীৰ চোৰাংচোৱা গিৰিত জড়িত মানস চলিহা…

0 48

মানস চলিহাই একালত অসম আৰক্ষীৰ চোৰাংচোৱা হৈ কাম কৰিছিল আৰু ৰাজ্যৰ বিভিন্ন স্থানত আলফাৰ কেডাৰ আৰক্ষীক ধৰোৱাই দিছিল বুলি তেওঁ আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,

মানসৰ লগত ‘গুপ্তচৰ’ মানস বৰগোঁহায়ে সহযোগিতা কৰিছিল বুলিও স্বীকাৰ কৰিছে অৰ্থাৎ দুয়ো মানসে ইজনে–সিজনক চিনি পোৱা কথা সত্য। আৰক্ষীৰ অতি বিশ্বাসজন হ’বলৈকে আলফাৰ কেম্পলৈ মানস বৰগোঁহাইক প্ৰেৰণ কৰিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি কৰিছে।

বিগত শনিবাৰে পশ্চিমবংগৰ এখন হোটেলত আত্মগোপন কৰি থকা মানস চলিহাক আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীৰ জিম্মাত প্ৰায় ৭ দিন থকাৰ পাছতো মানসে তেওঁৰ ওপৰত লগা অভিযোগবোৰ মানি লোৱা নাছিল আৰু সেইবোৰত সত্যতা নাই বুলি দাবী কৰিছিল।

কিন্তু আলফা (স্বাধীন)ৰ কেম্পত গুপ্তচৰগিৰি কৰাৰ অপৰাধত বন্দী হোৱা মানস বৰগোহাঁইয়ে ভিডিঅ’যোগে মানস চলিহাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। শেহতীয়াকৈ মানস বৰগোহাঁইয়ে আন এক ভিডিঅ’ত মানস আৰু আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই কেনেদৰে আৰু কোনবোৰ অবৈধ কামৰ লগত জড়িত সেই সকলো তথ্য দিয়ে। ইয়াৰ পাছতেই আজি মানস চলিহাই আৰক্ষীৰ সন্মুখত তেওঁৰ ওপৰত লগা অভিযোগবোৰ স্বীকাৰ কৰিছে বুলি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Leave A Reply