Breaking

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল ! চিবিআইৰ অভিযোগনামা দাখিল…

0 16

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল, চিবিআইৰ অভিযোগনামা দাখিল
মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল। চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত হিংসাৰ সময়ত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আগতে দুয়োগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা হৈছিল। অভিযোগনামাখনত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে এগৰাকী মহিলা কাৰ্গিল যুদ্ধৰ যোদ্ধাৰ পত্নী আছিল।

তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱাত আৰক্ষী কৰ্মীসকলে হেমাহী কৰিছিল। আৰক্ষীয়ে কৈছিল যে “বাহনখনৰ কোনো চাবি নাই”। সেইবুলি কৈয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছিল আৰু মহিলাকেইগৰাকীক কোনো সহায় আগবঢ়োৱা নাছিল। সেইসময়ত তিনিৰ পৰা চাৰিজন আৰক্ষী কৰ্মী বাহনখনৰ বাহিৰত আছিল। এজন পুৰুষে চালকজনক তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যাবলৈ অনুৰোধ কৰি আছিল কিন্তু “গাড়ীৰ কোনো চাবি নাই” বুলি তেওঁক কোৱা হৈছিল। ভুক্তভোগী মহিলাসকলৰ মাজৰ এগৰাকীৰ স্বামীয়ে অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাপে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল।

আৰক্ষীৰ জিপচীৰ চালকজনে বাহনখন প্ৰায় ১,০০০ লোকৰ ভিৰৰ ফালে লৈ গৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ সন্মুখত ৰখাই দিছিল।প্ৰতিবাকাৰীসকলে মহিলা কেইগৰাকীক টানি নিছিল, তেওঁলোকৰ কাপোৰ খুলি পেলাইছিল আৰু তেওঁলোকক যৌন নিৰ্যাতন কৰাৰ আগতে উলংগ কৰি পেৰেড কৰাইছিল।। চিবিআইয়ে জুলাইত মণিপুৰ আৰক্ষীয়ে আটক কৰা হুইৰেম হেৰোদাস মেইটেই আৰু আন পাঁচজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে দলবদ্ধ ধৰ্ষণ, হত্যা, মহিলাৰ শালীনতা হানি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত ধাৰা।

Leave A Reply