Breaking

সুৰা কেলেংকাৰী: দিল্লীৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনীষ চিছ’দিয়াৰ, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰো পদত্যাগ…

0 44

দিল্লীৰ সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। একেদৰে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও তেওঁৰ পদৰ পৰা পদত্যাগ কৰে।

আজি মনীষ চিছোদিয়াক আদালতে জামিন প্ৰদানৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে তেওঁক পাঁচ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ দিনৰ বাবে CBI ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে জামিনৰ আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰায় ৮ ঘণ্টা ধৰি জেৰা কৰি দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ দুয়োটাতে অনিয়ম সংঘটিত হৈছিল।সেই অনিয়মৰ সৈতে মনীষ চিছ’দিয়া জড়িত থকাৰ প্ৰমাণ আছে বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে, মনীষ ছিছ’দিয়াৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চিবিআইয়ে যিকোনো গোচৰৰে তদন্ত কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰে।

ইপিনে মনীষ ছিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সোমবাৰে আম আদমী পাৰ্টীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিষয়াসকলে জনোৱা মতে, প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয় । চিবিআইয়ে তেওঁৰ পৰা কেলেংকাৰি সম্পৰ্কীয় প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱা বুলি মন্তব্য কৰে।

দ্বিতীয় ৰাউণ্ডৰ জেৰাৰ বাবে পুৱা প্ৰায় ১১.১২ বজাত ছিছ’দিয়াই চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। চিবিআইৰ এফআইআৰত এক নম্বৰ অভিযুক্ত হিচাপে নাম উল্লেখ কৰা ছিছ’দিয়াক ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৭ অক্টোবৰতো জেৰা কৰা হৈছিল। ইপিনে মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে আপে।

Leave A Reply