Breaking

হাজোৰ দমদমা মহাবিদ্যালয়ত অধ্যাপিকা ৰুনুমী তালুকদাৰৰ দ্বাৰা ৰচিত “মন আকাশৰ জোনাক” কাব্য গ্ৰন্থ উন্মোচন

0 1,111

হাজোৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দমদমা মহাবিদ্যালয়ৰ সভাকক্ষত আজি মহাবিদ্যালয়ৰ অধ্যাপিকা ৰুণুমী তালুকদাৰৰ দ্বাৰা ৰচিত “মন আকাশৰ জোনাক” এখনি শিশু উপযোগী গ্ৰন্থ ও কাব্যপুথি উন্মোচন কৰা হ’য় । সেই অনুসৰি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’য়। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই কাব্য পুথিখন আনুষ্ঠানিকভাৱে উন্মোচনী কৰি গ্ৰন্থ অধ্যয়নৰ ধনাত্মক দিশৰ ওপৰত এক সাৱলীল বক্তব্য দাঙি ধৰে।সভাৰ আঁত ধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চন্দনজ্যোতি চুতীয়াই । অৱশ্যে বৰ্তমান সময়ত শিশু সকলৰ মানসিক উত্তৰণৰ বাবে জীৱন পোহৰ’ৰ ঘাই শিপাডালক পাহৰি নাযাবলৈয়ে ” মন আকাশৰ জোনাক”কাব্যপুথিখন ৰচনা কৰা হৈছে বুলি উল্লেখ কৰে পুথিখনৰ শ্ৰষ্টা ৰুণুমী তালুকদাৰে।

লগতে আজিৰ সভাত উপস্থিত থাকে কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভানেত্ৰী পদুমী দাস,দমদমা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি বিৰাজ কুমাৰ দাস,হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাসকে প্ৰমূখ্য কৰি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ,ছাত্ৰ ছাত্ৰীবৃন্দকে প্ৰমূখ্যে প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

Leave A Reply