Breaking

APSC ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উজলিল লখিমপুৰৰ সোৱণশিৰি পাৰৰ চুমনি মেদক গাঁৱৰ মনোজ কুমাৰ মেদক…

0 55

লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ চুমনি মেদক গাঁৱৰ মনোজ কুমাৰ মেদকে অসম লোকসেৱা আয়োগ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গাঁৱৰ পৰা প্ৰথম গৰাকী APSC পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱাত গাঁৱবাসীৰ মনত আনন্দৰ জোঁৱাৰ।

পিতৃ ওজানন্দ মেদক আৰু মাতৃ ডিম্বেশ্বৰী মেদকৰ প্ৰথম সন্তান মনোজ মেদকৰ এই সফলতাই পৰিয়ালটোত আনন্দৰ জোঁৱাৰ তুলিছে। অত্যন্ত মেধাৱী ছাত্র মনোজ মেদকে বি টেতক উত্তীৰ্ণ হৈছিল। খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক হিচাবে ঝাৰখণ্ডত প্ৰশিক্ষণত মনোজৰ সফলতাত আনন্দত ককা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম মেদক আৰু খুড়া অনন্ত মেদকে অত্যন্ত সুখ অনুভৱ কৰে।

Leave A Reply