Breaking

ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ পথত মণ্টু কোঁৱৰ…

0 1,142

চিচি ব্লক (RKVY Vety  Project ) FPC ৰ  CEO লখিমপুৰ নাৰায়ণপুৰৰ  মণ্টু কোঁৱৰ নামৰ যুৱকজনে ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বগীবিলৰ  শিঙিৰ বিলৰ পাৰৰ ১৩ বিঘা মাটিত জৈৱিক ভাৱে ভোট জলকীয়া খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহ জন্মাই এক আদৰ্শ দাঙি ধৰিছে । স্থানীয় যুৱক ভাস্কৰ টায়ে আৰু লক্ষীনাথ দলেৰ সহযোগত মণ্টু কোঁৱৰে প্ৰায়  ৪ লাখ ৫০ হাজাৰ টকা খৰচ কৰি ১৪ হাজাৰ জোপা ভোট জলকীয়া পুলি ৰুই প্ৰতি কেজিত ৫০০  টকাকৈ প্ৰায় ১৪ লাখ টকা সংগ্ৰহৰ পৰিকল্পনা কৰিছে ।

মণ্টু কোঁৱৰে এই ভোট জলকীয়াৰ উন্নতমানদণ্ডৰ পুলিসমূহ নাগালেণ্ড, ডিমাপুৰ আৰু শিৱসাগৰৰ পৰা সংগ্ৰহ কৰাৰ কথা আমাক অৱগত কৰে । উৎপাদিত ভোট জলকীয়া ভূটান, মুম্বাইৰ লগতে অন্যান্য বহুকেইটা বহু জাতিক কোম্পানীলৈ ৰপ্তানিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও যুুুৱকজনে ১০ বিঘা মাটিত গোমধানৰ খেতি কৰাৰ লগতে অন্য ৮০  বিঘা মাটিত আগতীয়াকৈ মাটি  মাহৰ  খেতি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

Leave A Reply