Breaking

জামুগুৰিহাটৰ বহু পথাৰ ছন পৰাৰ আশংকা।শাওণৰ পথাৰত ৰুবলৈ নাই কঠিয়া

0 1,575

জামুগুৰিহাটৰ বহু কৃষি পথাৰ এইবাৰ ছনে পৰাৰ শংকাই দেখা দিছে।কিয়নো শাওণৰ পথাৰত জামুগুৰিহাটৰ বহু কৃষি পথাৰত ৰুবলৈ নাই কঠিয়া। জেঠৰ মাহত কঠিয়া ডাঙৰ হোৱাৰ সময়ত এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত বহু স্থানত সিচা কঠিয়া পানীৰ তলত বুৰ গৈ মৰাৰ ফলত কঠিয়াই নাটনি দেখা দিছে কৃষকৰ মাজত।অঞ্চলটোৰ বৰপথাৰ,চকীঘাট পথাৰকে ধৰি বহু পথাৰত কৃষকে এতিয়া কঠিয়াৰ অভাৱৰ বাবেই খেতি কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে।

শংকা আৰু অনিশ্চয়তাত ভোগা এইসকল কৃষকক ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা কঠিয়াৰ যোগান ধৰি ধান খেতি দৰা কৰাত সহযোগিতা আগবঢ়াবলৈ কৃষক ৰাইজে দাবী জনাইছে।



জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

Leave A Reply