Breaking

হাজো বন বিভাগৰ অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰুপ বৈশ্যৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ বহু আপত্তিজনক সামগ্ৰী।

0 22

কামৰূপৰ কুলচীত কৰ্মৰত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা  ঘৰত গোপন সুত্ৰৰ খবৰৰ ভিত্তিত আজি হাজো বন বিভাগে এক অভিযান চলাই । হাজো বন  বিষয়া সংগীতা সিনহাৰ নেতৃত্বত চলা এই অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা গৃহৰ  তলা ভাঙি দুটা সক্ৰিয় বন্দুক লগতে আলামাৰীৰ তলা ভাঙি উদ্ধাৰ কৰা হয় দুটা কোকো সাপ , অসংখ্য সক্ৰিয় গুলি , খালী কাৰ্টিজ , জাল , টৰ্ছ , বৃহৎ পৰিমাণৰ  সুৰাৰ বটল ৷ ইয়াৰ উপৰিও অভিযানত জব্দ হয় দুষ্প্ৰাপ্য জীৱ জন্তুৰ অংগ পতংগ ,কেটেলা পহুৰ কাইট , কাছৰ খোলা সহ বিভিন্ন জীৱ জন্তুৰ হাড়। জব্দকৃত সামগ্ৰী খিনি ইতিমধ্যে  বন বিভাগে নিজৰ জিম্মাত চমজি লৈছে । উল্লেখ্য যে অৰূপ বৈশ্য এজন বন বিভাগৰ কৰ্মচাৰী । বন বিভাগৰ সন্দেহ , অৰূপ বৈশ্য চোৰাং চিকাৰ আৰু বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ত জড়িত । আনহাতে দীৰ্ঘদিন ধৰি অৰূপ বৈশ্য এনেদৰে বন্যপ্ৰানী চিকাৰ জড়িত বুলি স্থানীয় লোকেও জানিবলৈ দিছে।

Leave A Reply