Breaking

বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!

0 24

আমেৰিকাৰ পেনচিলভেনিয়াৰ এগৰাকী ৪১ বছৰীয়া নাৰ্ছ হিথাৰ প্ৰেছক হত্যাৰ তিনিটা গোচৰ আৰু হত্যাৰ চেষ্টাৰ ১৯ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক ৩৮০- ৭৬০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। দৰাচলতে নাৰ্চ গৰাকীৰ অপৰাধ ইমানেই গুৰুতৰ বুলি আদালতে অনুভৱ কৰিছিল যে তেওঁক ৭৬০ বছৰৰ কাৰাবাস দিয়ে। ইয়াৰ অৰ্থে এবাৰ কাৰাগাৰত সোমোৱাৰ পিছত জীয়াই থকালৈকে তেওঁ আৰু কোনো দিনেই কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব। অভিযোগ অনুসৰি আমেৰিকাৰ এইগৰাকী নাৰ্চে কেইবাজনো ৰোগীক হত্যা কৰাৰ চেষ্টা চলাইছিল।তেওঁ বহু ৰোগীক অপ্ৰয়োজনীয়ভাবে বা অত্যধিক মাত্ৰাত ইনচুলিন দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল। ২০২০ ৰ পৰা ২০২৩ চনৰ ভিতৰত পাঁচখন স্বাস্থ্যকেন্দ্ৰত তেওঁ কমেও ১৭ জন ৰোগীৰ মৃত্যুৰ বাবে দায়ী বুলি প্ৰমাণ পোৱা গৈছে।

প্ৰেছডিৰ বিৰুদ্ধে ২২ জন ৰোগীক অত্যধিক ইনচুলিনৰ পালি দিয়াৰ অভিযোগ উঠিছিল,তেওঁলোকৰ ভিতৰত কিছুমানৰ ডায়েবেটিচ নাছিলেই। বেছিভাগ ৰোগীৰ ইনচুলিন গ্ৰহণ কৰাৰ পিছত মৃত্যু হৈছিল। ভুক্তভোগীসকলৰ বয়স ৪৩ ৰ পৰা ১০৪ বছৰৰ ভিতৰত আছিল। নাৰ্চগৰাকীৰ বিৰুদ্ধে তদন্তটো যোৱা বছৰৰ মে’ মাহত আৰম্ভ হৈছিল। নাৰ্চগৰাকীৰ আচৰণক সহকৰ্মীসকলেও সমালোচনা কৰিছিল। সহকৰ্মীসকলে প্ৰকাশ কৰা মতে নাৰ্চগৰাকীয়ে ৰোগীসকলক ঘৃণাৰে চাইছিল আৰু প্ৰায়ে তেওঁলোকৰ বিষয়ে কটু মন্তব্য কৰিছিল। বিচাৰৰ সময়ত প্ৰেছডিয়ে আদালতত দোষ স্বীকাৰ কৰিছে। প্ৰেছডিৰ অধিবক্তাই সুধিছিল যে তেওঁ কিয় দোষ স্বীকাৰ কৰিছে? প্ৰেছডিয়ে উত্তৰ দিছিল, “কাৰণ মই দোষী।”

Leave A Reply