Breaking

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত নাই বহু প্ৰকৃত কৃষকৰ

0 150

কলিয়াবৰ

 প্ৰকৃত সন্মানৰ পৰা বঞ্চিত প্ৰকৃত কৃষক‌। কৃষকৰ মৰ্য‍্যদাক লৈ যেন বহুৱালী কৰিলে এচাম ন‍্যস্তস্বাৰ্থ জড়িত ৰাজনেতিক নেতা-পালিনেতাই। চাকৰিয়াল, ছাত্ৰ-বৃদ্ধতো বাদেই কোনো দিনে পথাৰ নগৰকা মহিলাই লাভ কৰিছে কিষাণ সন্মান। এনে ঘটনাই ঘটিছে প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত। অসমৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱতে ভূৱা কৃষকৰ নামে ভিৰ কৰিছে হিতাধিকাৰীৰ তালিকত। পঞ্চায়তৰ প্ৰতিনিধি আৰু ৰাজনৈতিক দলীয় নেতা-পালিনেতাৰ কুচক্ৰান্ত আৰু স্বজন তোষণৰ প্ৰভাৱত প্ৰকৃত কৃষকে দিনতে আন্ধাৰ দেখিছে। হিতাধিকাৰীৰ বাবে বান্ধি দিয়া সকলো নীতি নিয়ম জলাঞ্জলি দি ৰাজনৈতিক ক্ষমতাৰে নিজ অঙহী-বঙহীৰে তালিকা পূৰাই চৰকাৰী ধনৰ উদৰস্থ কৰাৰ অসৎ অভিসন্ধি পোহৰলৈ অহাত ক্ষোভত ফাটি পৰিছে অসমবাসী। ইয়াৰ ব‍্যতিক্ৰম নহয় নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ গাঁওসমূহো।কলিয়াবৰ মহকুমাৰ কলিয়াৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্তগত প্ৰতিখন গাঁৱত লকডাউনৰ সময়ছোৱাত এনে অনিয়মে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। কৰ্ম সংস্থাপন আৰু জীৱিকাৰ জটিল সন্ধিক্ষণত প্ৰতিজন বঞ্চিত কৃষক ক্ষুব্ধ। কলিয়াবৰ মহকুমাৰ পূৱ পূথৰীয়া পঞ্চায়তৰ মাধতাৰী গাঁৱৰ নৰেন নেওগ নামৰ ব‍্যক্তিজনে যোৱা দুবছৰ পূৱথৰীয়া গাঁৱৰ হিৰু কাকতি আৰু শিলঘাটৰ আবুবক্কৰ চিদ্দিকৰে সৈতে মিলি শাক-পাচলি আৰু ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে‌। চৰকাৰী কোনো সা-সুবিধা নোহোৱাকৈয়ে গাঁঠিৰ ধন ভাঙি খেতি কৰি অতি কষ্টৰে দুটকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আবেদন জনোৱাৰ পিচতো নৰেন নেওগৰ নাম তালিকাভূক্ত নহ’ল। তাৰ পৰিৱৰ্তে নেওগে অভিযোগ কৰা মতে, কেতিয়াও পথাৰত খোজ দি নোপোৱা গাঁৱৰে বহুকেইগৰাকী মহিলাই প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাভূক্ত হোৱাৰ লগতে চৰকাৰী চাকৰীয়াল আৰু চচল পৰিয়ালেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ খাটি খোৱা লোকৰ বাবে চৰকাৰী আঁচনিৰ ধন প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাত নৰেন নেওগ ব‍্যথিত, ক্ষোভিত। একমাত্ৰ পুত্ৰ বহিঃ ৰাজ‍্যৰ হায়দৰাবাদত কৰ্মৰত যদিও গাঁৱত থকা পিতৃ-মাতৃক সহায় কৰিব পৰা বিধৰ চাকৰি নহয়। সেয়ে পত্নীৰ সৈতে মাধতাৰী গাঁৱত বাস কৰা নৰেন নেওগে খেতিৰ জৰিয়তেই দুবেলা-দুমুঠি উপাৰ্জন কৰে। নেওগে জনোৱা মতে, বৰ্তমান লকডাউনৰ সময়ত ভেন্দি, কোমোৰা, লাও, জিকা, ভোলৰ উপযুক্ত বজাৰ নোপোৱাত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। তথাপিও, দিন ভাল হোৱাৰ আশাত নতুনকৈ বেঙেনা আৰু বিলাহীৰ খেতি আৰম্ভ কৰিছে। নিজাববীয়াকৈ কৃটিম জলসিঞ্চনৰ ব‍্যৱস্থা কৰি প্ৰায় পোন্ধৰ বিঘা মাটিত বুৰৈ খেতি কৰিছে। কিন্তু শেহতীয়াকৈ লকডাউনৰ ফলত সাৰ আৰু কীটশাশক দ্ৰব‍্যৰ অভাৱৰ ফলত ব‍্যৱসায়ীক ভিত্তিত কৰা শাক-পাচলিৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে। এইয়া মাত্ৰ এজন প্ৰকৃত কৃষকৰ মনোবেদনা। ইতিমধ‍্য তালিকা লৈ উঠা অভিযোগৰ ভিত্তিত অসমৰ জিলাই-জিলাই তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে। এইসময়ত সকলোৰে মনত এটাই প্ৰশ্ন, এই তদন্তৰ ফলত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিত তালিকাভূক্ত নোহোৱা এনে লাখ-লাখ প্ৰকৃত কৃষকে ন‍্যায় পোৱাৰ লগতে দোষীয়ে শাস্তি পাবনে?

Leave A Reply