Breaking

৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…

0 34

৩০ বছৰ বয়সৰ পূৰ্বে মাতৃ হোৱাৰ বাবে সৰ্বোত্তম বয়স বুলি ধৰা হয়। বলীউডৰ বহু অভিনেত্ৰীয়ে ৩০ বছৰৰ আগতে গৰ্ভধাৰণ কৰিছিল আৰু ৩০ বছৰ বয়সৰ আগতেই মাতৃ হৈ পৰিয়াল আৰম্ভ কৰিছিল।গৰ্ভাৱস্থা এগৰাকী মহিলাৰ জীৱনৰ সৰ্বোত্তম পৰ্যায় আৰু লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এগৰাকী যুৱতীয়ে নিজৰ কেৰিয়াৰৰ লগতে শিশুৰ দায়িত্ব লোৱাৰ আগতে নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিব বিচাৰে। সেইবাবেই বহু মহিলাই প্ৰায়ে ৩০-৩৫ বা ৪০ বছৰ বয়সৰ পিছত মাতৃ হ’ব বিচাৰে। কিন্তু, ৩০ বছৰ বয়সৰ পূৰ্বেই বলীউডৰ একাংশ অভিনেত্ৰী মাতৃ হৈ পৰিছে। জানো আঙক এই অভিনেত্ৰী সমূহৰ বিষয়ে-


বলীউডৰ যুৱ অভিনেত্ৰী আলিয়া ভাট ২৯ বছৰ বয়সত মাতৃ হয়। ২০২৩ চনৰ নৱেম্বৰ মাহত কন্যা ৰাহা কাপুৰৰ জন্ম হয়।


সুন্দৰ আৰু প্ৰতিভাশালী অভিনেত্ৰী ভাগ্যশ্ৰীৰ বিবাহ অতি কম বয়সতে। আনকি ৩০ বছৰ বয়সৰ আগতেই ভাগ্যশ্ৰীৰ সন্তান দুটি অভিমন্যু দছানী আৰু অৱন্তিকাৰ জন্ম হৈছিল।


বাবলি, কাজলো দুটা সন্তানৰ মাতৃ। ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই গৰ্ভৱতী হৈছিল এই অভিনেত্ৰীসকল।

ৰনবীৰ কাপুৰৰ মাতৃ তথা জ্যেষ্ঠ অভিনেত্ৰী নীতু কাপুৰো বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম, যাৰ প্ৰথম সন্তানৰ জন্ম হৈছিল ৩০ বছৰ বয়সৰ পূৰ্বে।

বলীউডৰ পৰা দক্ষিণ চলচ্চিত্ৰ জগতলৈ প্ৰশংসা লাভ কৰা জেনেলিয়া দেশমুখ আৰু তেওঁৰ স্বামী ৰিতেশ দেশমুখে অতি সোনকালে পৰিয়াল পৰিকল্পনা কৰিছিল। জেনেলিয়া ৩০ বছৰতকৈও কম বয়সতে গৰ্ভৱতী হৈছিল।


কম বয়সতে মাতৃ হোৱা বেছিভাগ মহিলাৰ প্ৰতি যদি মনোযোগ দিয়ে, তেন্তে তেওঁলোক আন সকলো মহিলাতকৈ অধিক সক্ৰিয়, সুস্থ আৰু শক্তিশালী। আচলতে ২০ৰ পৰা ৩০ বছৰ বয়সত প্ৰজনন শক্তি সৰ্বোচ্চ হয়। গতিকে এই বয়সত সহজে গৰ্ভধাৰণ সম্ভৱ আৰু একেদৰে প্ৰসৱৰ পিছত সুস্থ হোৱাটো সহজ আৰু গৰ্ভপাতৰ আশংকাও কম। ইয়াৰ লগতে পেটতো শিশুটিৰ বিকাশ ভাল হয়। সেইবাবেই, ৩০ বছৰৰ আগৰ বয়স গৰ্ভধাৰণৰ বাবে ভাল বুলি গণ্য কৰা হয়।

Leave A Reply