Breaking

ওদালগুৰি জিলাত ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা প্ৰাৰ্থীত্বৰ দৌৰত ইউ পি পি এল- বি জে পিৰ বহু নেতা কৰ্মী

0 2,040

সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনৰ পাছত এইবাৰ ৰাজ্যজুৰি আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ব্যাপক কুচকাৱাজ। বিজেপি-ইউপিপিএল-জিএছপিয়ে সন্মিলিfতভাৱে পৰিষদখন গঠন কৰাৰ পাছতে এতিয়া অঞ্চলটোৰ ৰাজনৈতিক সমীকৰণ পূৰ্ৱৰ তুলনাত সম্পূৰ্ণ বিপৰীত হোৱা পৰিলক্ষিত হৈছে। আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি-ইউপিপিএলৰ মাজত মিত্ৰতাক  লৈ ব্যাপক চৰ্চা  হৈ থকাৰ মাজতে দুয়োটা দলে সুকীয়া সুকীয়াকৈ  নিজৰ সাংগঠনিক স্হিতি সুদৃঢ় কৰাৰ বাৱে আগবাঢ়িছে।  ইয়াৰ উপৰি পৰিষদীয় এলেকাটোত আন দল সমুহেও নিজৰ নিজৰ নিৰ্বাচনী ৰণকৌশল অব্যাহত ৰাখিছে। বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুয়োটা দলে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হব বুলি ঘোষণা কৰিছে যদিও এইমূহুৰ্তলৈ ইউপিপিএল দলৰ ফালৰ পৰা মিত্ৰা সন্দৰ্ভত কোনো ধৰণৰ চূড়ান্ত ঘোষণা কৰা নাই। বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে ৬৪ নম্বৰ পানেৰী, ৬৯ নম্বৰ ওদালগুৰি আৰু ৭০ নম্বৰ মাজবাট সমষ্টি বিপিএফ দলৰ দখলত আছে যদিও এইবাৰ দলটো প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।  বিপিএফ দলটোৱে তিনিওটা সমষ্টিতে পূৰ্ৱৰ তিনিওগৰাকী বিধায়ককে প্ৰাৰ্থীত্ব দিয়াটো প্ৰায় চূড়ান্ত যদিও শেষ মূহুৰ্তত পানেৰী সমষ্টিত নতুন মুখ দেখাৰো এক সম্ভাৱনা নথকা নহয়। আনহাতে বিজেপি-ইউপিপিএলৰ মাজত মিত্ৰতা চূড়ান্ত হ’লে তিনিওটা সমষ্টিত কোনটো দলে নিৰ্বাচন খেলিব বা কোনটো দলে আসনখন এৰি দিব তাক লৈও দুয়োটা দলৰ ভিতৰচৰাত চৰ্চা অব্যাহত আছে। ইতিমধ্যে তিনিওটা সমষ্টিৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ পৰা কেইৱাগৰাকীও প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম উচ্চাৰিত হৈছে। তেওঁলোক প্ৰতিগৰাকীয়ে সংশ্লিষ্ট দলৰ নেতৃত্বৰ সৈতেও এই সন্দৰ্ভত সঘনে কথা পাতি থকা বুলি জানিব পৰা গৈছে। সেই অনুসৰি ৬৪ নম্বৰ পানেৰী বিধানসভা সমষ্টিত বিজেপি, ইউপিপিএল, বিপিএফ আৰু কংগ্ৰেছ দলৰ কেইৱাগৰাকীও সাম্ভাব্য প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছে। বৰ্তমান বিপিএফৰ দখলত থকা সমষ্টিটো উদ্ধাৰ কৰিবলৈ বিজেপি-ইউপিপিএল দলে বিশেষ তৎপৰতা চলাইছে যদিও দুয়োটা দলৰ মাজত মিত্ৰতা হ’লে সমষ্টিটোত কোন দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব। সমষ্টিটোত এইবাৰ বিজেপি দলৰ হৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত আছে শান্তিয়াছ কুজুৰ, দিপন ডেকা, জোনমণি শ‌ইকীয়া, ডিম্বেশ্বৰ দাস, জোচৰাং বড়ো, সুজিৎ সৰকাৰ, ৰঞ্জিৎ বড়ো।  ইয়াৰ ভিতৰত দিপন ডেকা প্ৰৱল দাবীদাৰ হিচাপে থিয় দিছে।এবিটাৰ প্ৰাক্তন সভাপতি কথা চাহউদ্যোগৰ সৈতে অতি ঘনিষ্ঠ  তথা উচ্চ শিক্ষিত দিপন ডেকাৰ চাহ বাগান সমুহৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক। আনহাতে আৰ এছ এছৰ সৈতে তেও জড়িত ।তেনে ক্ষেত্ৰত তেও এজন সবল দাবীদাৰ। ইফালে ইউপিপিএল দলৰ হৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত আছে মনমোহন বড়ো, নন্দৰাম বড়োৰ লগতে নেৰখাং খাকলাৰীৰ নাম।  আটাই কেইগৰাকীয়ে  এবছুৰ সৈতে ঘনিষ্ঠ ।তেনেক্ষেত্ৰত কাৰ বল বেছি সেয়া সময়হে  কব।সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা একমাত্ৰ দাবীদাৰ হৈছে ধনেশ্বৰ বড়ো। যদিহে কংগ্ৰেছ-এআই‌ইউডিএফে বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হয়, তেন্তে সমষ্টিটোত বৃদ্ধি হব পাৰে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সংখ্যা। আনহাতে বিপিএফৰ দখলত থকা সমষ্টিটোৰ এইবাৰ দলটোৰ হৈ কমলী বসুমতাৰীক প্ৰাৰ্থীত্ব দিয়াটো নিশ্চিত যদিও শেষ মূহুৰ্তত দলটোৰ ফালৰ পৰা এখন নতুন মুখ দেখিবলৈ পোৱাৰো সম্ভাৱনা আছে। নতুন মুখ হিচাপে লক্ষী বড়েৰ নাম চৰ্চিত হৈছে। ৬৯ নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিটো বৰ্তমান বিপিএফৰ দখলত আছে যদিও সমষ্টিটোত বিপিএফ দলে পুনৰ বৰ্তমানৰ বিধায়ক ৰিহন দৈমাৰীকে প্ৰক্ষেপ কৰাটো নিশ্চিত। ইতিমধ্যে তেখেতে নিজৰ প্ৰচাৰ অভিযান ভিতৰি আৰম্ভ কৰিছে। একেদৰে সমষ্টিটো বিপিএফৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ বাবে ইউপিপিএলেও কুচকাৱাজ অব্যাহত ৰাখিছে। সেই অনুসৰি সমষ্টিটোত ইউপিপিএল দলৰ হৈ দুগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী ক্ৰমে দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি ভ্ৰমণ বাগলাৰী, প্ৰাক্তন এবছু নেতা ৰাকেশ বড়ো আৰু ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰফুল্ল বসুমতাৰীৰ নাম চৰ্চালৈ আহিছে। প্ৰাৰ্থীত্ব  থিৰাং হোৱা নাই যদিও প্ৰাৰ্থীত্ব প্ৰত্যাশী ভ্ৰমন বাগ্লাৰীয়ে সমষ্টিটোৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এনে তৎপৰতাৰ বিপৰীতে ইউ পি পি এল নেত্ৰিত্বই ওদালগুৰিৰ দৰে গুৰুত্বপুৰ্ন সমষ্টিটোৰ বাৱে এজন বিকল্প তথা অধিক শক্তিশালী  প্ৰাৰ্থীৰ চিন্তা কৰা বুলিও জানিব পৰা গৈছে।এনে প্ৰেক্ষাপতত বৰ্তমান বি টি চিৰ উপ মুখ্যকাৰ্যবাহী পদত কাৰ্যনিৰ্বাহ কৰা গোবিন্দ বসুমতাৰীৰ নামটোও চৰ্চিত হৈছে।আনহাতে সমষ্টিটোত বিজেপি দলটোৰ হৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত আছে জিলা সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, প্ৰাক্তন বিধায়ক বাহাদুৰ বসুমতাৰীৰ পুত্ৰ সুনীল বসুমতাৰীৰ নাম। উল্লেখ্য যে সমষ্টিটোত এইবেলি কংগ্ৰেছ দলটোৱে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নাই যদিও দলটোৱৈ সমষ্টিটোত এইবাৰ বিজেপি বিৰোধী দলক সমৰ্থন কৰিব বুলি ভিতৰি চৰ্চা চলিছে। জিলাখনৰ আন এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টি। বৰ্তমান বিপিএফৰ দখলত থকা সমষ্টিটো পুনৰ নিজৰ দখললৈ নিয়াৰ বাৱে উঠি পৰি লাগিছে । যদিহে কংগ্ৰেছ-এ‌আই‌ইউডিএফৰ মাজত মিত্ৰতা হৈ কোনো এগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই, তেন্তে আন দলসমূহৰ বাবে সহজ নহব সমষ্টিটো দখল কৰা। এইবেলিও সমষ্টিটোৰ পৰা বিপিএফ দলৰ হৈ বৰ্তমানৰ বিধায়ক চৰণ বড়োৱে প্ৰাৰ্থীত্ব আগবঢ়াব যদিও আন দলসমূহো পিছ পৰি থকা নাই। সমষ্টিটোত বিজেপি দলৰ হৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ চৰ্চাত আছে দলটোৰ জিলা সাধাৰণ সম্পাদক অজয় হাজৰিকাৰ লগতে প্ৰাক্তন এমচিএল‌এ জিতু কিষানৰ নাম। একেদৰে সমষ্টিটোত ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত আছে জিলা সভাপতি ৰবীন্দ্ৰ বসুমতাৰী, ৰাজু ঢাকালৰ লগতে প্ৰাক্তন অবছু নেতা ৰবীন্দ্ৰ মোছাহাৰীৰ নাম। সমান্তৰালভাৱে সমষ্টিটোত কংগ্ৰেছ দলৰ হৈ কেইৱাজনৰো নাম চৰ্চাত আছে। তেওঁলোক ক্ৰমে জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী, বিমল মাহাতো, বিৰোনিকা টিৰ্কী আৰু প্ৰশান্ত লহকৰ। আন এক প্ৰসংগ অনুসৰি যদিহে কংগ্ৰেছ-এআইইউডিএফৰ মাজত মিত্ৰতা নহয়, তেন্তে এ‌আই‌ইউডিএফ দলে সমষ্টিটোত নিজকৈ প্ৰাৰ্থী প্ৰক্ষেপৰ সম্ভাৱনা আছে।  উল্লেখ্য যে সদ্য গঠিত বিটিচি পৰিষদীয় চৰকাৰখন বিজেপি-ইউপিপিএল-জিএছপিয়ে গঠন কৰিলে যদিও আগন্তুক বিধানসভা নিৰ্বাচনত তিনিওটা দলে কেনেদৰে অৱতীৰ্ণ হয়, অথবা কোন সমষ্টিত কোন দলে বুজাবুজি কৰে সেয়া অদ্যপি পোহৰলৈ অহা নাই। গুৰুত্বপুৰ্ন ভাৱে ইউ পি পি এল আৰু বি জে পিৰ মাজৰ মিত্ৰতাৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে।দুয়ো দলৰ  আসন বুজা বুজি  বাস্তৱ হলে  ওদালগুৰি জিলাৰ ৰাজনৈতিক সমীকৰন কিছু সলনি হোৱাৰ সম্ভৱনা আছে।বৰ্তমান বি টি চিৰ শাসন ভাৰ ইউ পি পি এল আৰু বি জে পিৰ হাতত আছে তেনেক্ষেত্ৰত দলদুটাই জিলা খনৰ কোন কোন সমষ্টিত কোনে প্ৰাৰ্থীত্ব আগবঢ়াই তাৰ প্ৰতি লক্ষ্য ৰাখিছে আন ৰাজনৈতিক দলৰ লগতে ৰাইজেও।

Leave A Reply