বানপানীয়ে এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰে। তাৰ সমান্তৰাল ভাৱে ওদালগুৰি নলবাৰী ওৱাৰ্ড নম্বৰ ১ আৰু ২, কঁঠাল গুৰি, মাওৰিয়াবস্তি বৰ্তমান গলণ্ডি নদীৰ বানৰ কৱলত পৰি গাওঁ বাসীৰ পানীত হাঁহ নছৰাৰ অৱস্থা হৈছে।ইতিমধ্যে বহুতৰে গৰু, ছাগলী, হাঁহ বানত উটি যোৱাৰ পৰিলক্ষিত হৈছে।হঠাৎ অহা বানে গাঁও বাসীৰ মাজত এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰে।নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীয়ে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে।ঘৰৰ ভিতৰত ,পথত,পথাৰত এক কঁকাল পানীৰ ফলত খেতি পথাৰ, ধান, শাক পাচলি, ঘৰৰ বস্তিৰ গছ গছনি আদি বিনষ্ট হোৱাৰ লগতে বহুতৰে ঘৰ দুৱাৰ ভাঙি ৰাইজৰ ভীষণ ক্ষতি সাধন কৰে গলণ্ডি নদীৰ বানে। গাওঁ কেইখনৰ জনসাধাৰণ ইতিমধ্যে দাইমণ্ড হাইস্কুলত অস্থায়ী ভাবে শিবিত বাহৰ পাতি ঠাকিব লগা হৈছে।

আজিৰ দিনটোত আবেলি লৈকে উক্ত শিবিৰত মুঠ ৯০ খন ঘৰৰ ৬০০ গৰাকী লোকে বাঁহৰ পাতে।ইতিমধ্যে প্ৰশাসন ফালৰ পৰা বান পীড়িত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।অসম চৰকাৰ ,স্থানীয় প্ৰশাসনক ৰাইজে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

