Breaking

বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক সুখীধৰ দহোতীয়াক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

0 151

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানৰ অন্তৰ্গত বৰমেছাই গাৱঁৰ বিশিষ্ট লেখক, সমাজসেৱক, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ মুখ্য উপদেষ্টা তথা ২০১৮ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক সুখীধৰ দহোতীয়াদেৱে ৭৯ বছৰ বয়সত কালি সন্ধিয়া প্ৰায় ৬.৩২ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। আজি বৰমেছাই ৰাজহুৱা খেলপথাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্ব সম্পন্ন হৈ যায়।

শেষকৃত্ব অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজিত বৰকাকতি, ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰণোণ্ময় ভৰদ্বাজ, অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, মৰাণ স্বায়ত্বশাসিত পৰিষদৰ বিষয়ববীয়া, মটক স্বায়ত্বশাসিত পৰিষদ বিষয়ববীয়া, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃবৃন্দ, বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানৰ নেতৃবৃন্দ।  দহোতীয়াৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মা, অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলীন চেতিয়া, অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা সাংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, সদৌ অসম মটক ছাত্ৰ সন্থা,

তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলন, আপকু তিনিচুকীয়া জিলা সমিতি, কাকপথাৰ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে, মৰাণ ভাষা, লোক সংস্কৃতিৰ উত্তৰণৰ লগতে স্থানীয় অঞ্চলৰ শিক্ষা, কলা-সংস্কৃতি আৰু আৰ্থ সামাজিক উন্নয়নৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি অহা দহোতীয়াই মৰাণ ভাষাৰ লোক সংস্কৃতিৰ ওপৰত পাঁচখনকৈ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । গ্ৰন্থসমূহ হৈছে ‘লিহিৰি বনৰ বিননি ‘,  ‘মৰাণসকলৰ কথিত ভাষা’, ‘মৰাণ লোক সংস্কৃতিৰ এজেঙ’, ‘মৰাণ লোক সংস্কৃতিৰ এঠেঙনি’ আৰু ‘মৰাণ জনজাতিৰ লোক সাহিত্য’ ।  তেখেতে মৃত্যুৰ সময়ত ইহসংসাৰত তিনিজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনী এৰি থৈ গৈছে।

Leave A Reply