Breaking

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি সমাজ সংগঠক,ক্ৰীড়াবিদ,সাহিত্যিক বুৰঞ্জীবিদ অঞ্জলী চেতিয়া

0 102

ডিব্ৰুগড় : “অসম চৰকাৰে প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ মৈদাম সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন লগতে টেঙাই মহনৰ জীৱন কৰ্ম আৰু সাংস্কৃতিক অনুষ্ঠান ঐতিহ্য পূৰ্ণ তৰা চিঙা বিহু আদি অসমৰ পৌৰাণিক সম্পদসমূহ সমাজৰ আগত দাঙি ধৰি নৱ প্ৰজন্মক অৱগত কৰিলে প্ৰকৃত অসমৰ কলা-কৃষ্টি, সংস্কৃতিৰ,সাহিত্য, বুৰঞ্জী জীয়াই থাকিব আৰু পশ্চিমীয়া সংস্কৃতিৰে অসমক গ্ৰাস কৰিব নোৱাৰিব” । এই মন্তব্য মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি মাননাং অঞ্জলী চেতিয়া।১৯৯২ চনতে প্ৰতিষ্ঠা হোৱা উজনি অসমৰ অন্যতম সক্ৰিয় সাংবাদিক মঞ্চ মৰাণ প্ৰেছ ক্লাৱৰ “এই মাহৰ অতিথি” মাননাং অঞ্জলী চেতিয়াক ২২ জুনৰ নিশা বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট সমাজ কৰ্মী,বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠাপক,বুৰঞ্জীৰ শিপা উদ্ভাৱক,ভেৰ্টান ৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীৰ জীৱন কৰ্ম ওপৰত মত-বিনিময়ৰ কৰোতে এই মন্তব্য কৰে।


মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে আঁতধৰা অনুষ্ঠানটোত সমাজকৰ্মী গৰাকীয়ে তেওঁৰ সমাজ তথা অসমৰ কাৰণে কৰা ত্যাগক অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে নৱ প্ৰজন্ম উপকৃত হ’ব বুলি কয় । বিশেষকৈ অসম চৰকাৰে প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ মৈদাম সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন লগতে টেঙাই মহনৰ জীৱন কৰ্ম আৰু সাংস্কৃতিক অনুষ্ঠান ঐতিহ্য পূৰ্ণ তৰা চিঙা বিহুক সমাজৰ আগত দাঙি ধৰিবলৈ আহ্বান জনায়।

মৰাণ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা শোভিত কুমাৰ ছেত্ৰীয়ে অতিথি গৰাকীৰ জীৱন কৰ্মৰ ওপৰত আলোকপাত কৰি আৰম্ভ কৰা মত বিনিময় অনুষ্ঠানত মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিং,সম্পাদক কৰুণা ফুকন, পত্ৰিকা সম্পাদক যদুনাথ পুৰী,অসম লেখিকা সন্থাৰ সদস্যা তথা জ্যেষ্ঠা সাংবাদিক অনিমা চেতিয়া,লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈ,টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও বিজয় ৰাজকোঁৱৰ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই,সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক অনুপজ্যোতি ভূঞা,মৌহ কোঁহৰ সম্পাদক সুনীল গগৈ,সমাজকৰ্মী অসীম বৰুৱা,মৰাণৰ ভেৰ্টান খেলুৱৈ ৰাস্না ফুকন, দিপালী চেতিয়া ফুকন আদিকৈ প্ৰমুখ্য কৰি বিভিন্ন জন ব্যক্তিয়ে অতিথি অঞ্জলী চেতিয়াক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মত বিনিময় কৰে।

ভেৰ্টান খেলুৱৈ গৰাকীৰে দেশক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে চীন থাইলেণ্ড,জাপান উত্তৰমেৰু,মালায়াছিয়া আদি দেশত অনুষ্ঠিত ভেৰ্টান গ্ৰেমছত অংশ গ্ৰহন কৰি পদক আজুৰি আনিবলৈ সক্ষম হয়।আজীৱন সাহিত্য সভাৰ সদস্যা গৰাকীয়ে, অইল ইণ্ডিয়াৰ লিমিটেডত চাকৰি পৰা অৱসৰ লোৱাৰ পাছতো খেলৰ লগতে সমাজসেৱা ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰে।অঞ্জলী চেতিয়াই মৰাণত অঞ্জলী ডেন্স একাডেমী প্ৰতিষ্ঠা কৰি নৱ প্ৰজন্মক সংস্কৃতিৰ শিক্ষা প্ৰদান কৰে। মাননাং চেতিয়াই মৰাণৰ খোৱাঙত স্ত্ৰীৰ খেলৰ শিক্ষানুষ্ঠান “চিৰঞ্জীতা” নামৰ ক্ৰীড়া অনুষ্ঠান প্ৰতিষ্ঠা কৰে।এই ক্ৰীড়া শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি অসমৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰিছে ফুটবল আৰু ক্ৰিকেট খেলত।ইয়াৰ উপৰিও তেওঁৰ অসমৰ প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ মৈদাম বৰথাৰ দেওঁধাই গাঁৱত উদ্ধাৰ কৰাৰ লগতে তেওঁৰ ৰচিত অভিধান আৰু বিভিন্ন বুৰঞ্জীমূলক গ্ৰন্থ সমূহৰ সমাজৰ আগত দাঙি ধৰিবলৈ সক্ষম হয়।

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি গৰাকীক মৰাণ প্ৰেছ ক্লাৱৰ লগতে যোৱা নিশা মৰাণ ঊষাপুৰস্থিত মহান ব্যক্তিৰ গৰাকীৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদ,অসম ডিব্ৰুগড় জিলা আৰু মৰাণ মহকুমা সমিতি, সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতি,চুতীয়া জাতি যুৱ সন্মিলন চৰাইদেউ জিলা সমিতি,মৰাণৰ সাংস্কৃতিক অনুষ্ঠান সুৰপিয়াসি, সদৌ অসম লেখিকা সন্থা,
অসম সাহিত্য সভাকে,মৰাণ ৱমেন এন্টাৰপ্ৰাইজ, মাহমৰা যুৱ কংগ্ৰেছ


ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। তিনি ঘন্টাৰোধিক সময় মত বিনিময়ৰ কৰা অনুষ্ঠানৰ শেষত অনুষ্ঠানত অংশ গ্ৰহণ কৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনৰ নেতাসকলকৰ লগতে শতাধিক লোকক শলাগৰ শৰাই আগবঢ়াই সম্পাদক কৰুণা ফুকনে।

Leave A Reply