১৮ জানুৱাৰী, ২০২৫ঃ marigaon । মৰিগাওঁ জিলাৰ পূৱ প্ৰান্তৰ বৃহত্তৰ অঞ্চল চৰাইবাহি অঞ্চলৰ পূব বৰভগীয়াত অৱস্থিত মানৱ সম্পদ সৃষ্টি কৰি অহা এখনি অন্যতম চৰকাৰী শিক্ষা অনুষ্ঠান হৈছে এই খনি পূৱ বৰভগীয়া প্ৰাথমিক বিদ্যালয়।ইতিমধ্যে বিভিন্ন সময়ত বহু ঘাট প্ৰতিঘাট অতিক্ৰম কৰি এই বৰ্ষৰ গৌৰৱোজ্বল ৭৫ বছৰত ভৰি দিয়াত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয় খনৰ প্ৰাঙ্গনত হীৰক জয়ন্তী উৎসবটি আয়োজন কৰে।
ক্ষীৰোদ কুমাৰ নাথ সভাপতি আৰু ড০ কমল চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি হিছাপে লৈ এখনি শক্তিশালী সমিতি গঠনেৰে অনুষ্ঠানটোৰ সুন্দৰকৈ পৰিচালনা কৰে ।আজি প্ৰথম দিনত চৰাইবাহি মহাবিদ্যালয় অধ্যক্ষ ড০ কমল চন্দ্ৰ নাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানটোত পৰবৰ্তী সময়ত ৮.১৫ বিদ্যালয়ৰ পতাকা উত্তোলন ৯ বজাত হীৰক জয়ন্তী উৎসব উদযাপনৰ উপলক্ষে সামুহীক পতাকা উত্তোলন কাৰ্য্যক্ৰম অনুস্থিত হয়।পৰবৰ্তী সময়ত পুৱা ১০ বজাত মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে বৰ্ণাঢ়্য সংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধনেৰে অন্যান্য বহু কাৰ্য্যক্ৰম চলাই নিয়ে।এই ক্ষেত্ৰত উদযাপন সমিতিৰ বিষয় ববীয়া সকলৰ লগতে বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমৰ আগত কি কয় শুনক।