Breaking

মাৰ্ক জুকাৰবাৰ্গে জনালে : চাৰিটা ফোনত একেটা হোৱাটছএপ একাউণ্ট লগ ইন কৰিব পাৰিব এতিয়াৰ পৰা…

0 63

মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৰু ইনষ্টাগ্ৰামত এই বৈশিষ্ট্যৰ ৰোলআউটৰ কথা ঘোষণা কৰে।

‘আজিৰ পৰা চাৰিটা ফোনলৈকে একেটা হোৱাটছএপ একাউণ্টত লগ ইন কৰিব পাৰিব।’

হোৱাটছএপে জনোৱা মতে, অনাগত সপ্তাহৰ ভিতৰত এই বৈশিষ্ট্য সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব।

এতিয়ালৈকে ব্যৱহাৰকাৰীয়ে এটা ফোন আৰু একাধিক সংগী ডেস্কটপ ডিভাইচত মাত্ৰ এটা হোৱাটছএপ একাউণ্টহে ব্যৱহাৰ কৰিব পাৰিছিল।

নতুন ৰোলআউটৰ সৈতে ব্যৱহাৰকাৰীৰ বাৰ্তাসমূহ অন্য ফোনকে ধৰি ডিভাইচসমূহৰ মাজেৰে ছিংক কৰা হ’ব। গতিকে এটা ডিভাইচ বন্ধ কৰিলেও তেওঁলোকে আন ডিভাইচত এপটো প্ৰৱেশ কৰিব পাৰিব।

Leave A Reply