Breaking

সৰভোগৰ শ্বহীদ ভৱনত শ্বহীদ দিৱস উদযাপন; দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য

0 71

শ্বহীদ অমিয় কুমাৰ নাথ আৰু শ্বহীদ হৰপতি তালুকদাৰৰ শ্বহীদ দিৱস উৎযাপন৷

অসম আন্দোলনৰ বীৰ শ্বহীদ অমিয় কুমাৰ নাথ আৰু বীৰ হৰপতি তালুকদাৰৰ সোঁৱৰণত বৰনগৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ উদ্যোগত বৰনগৰ শ্বহীদ ভৱনত দিন যোৰা কাৰ্য্যসূচী অনুষ্ঠিত হয়।

পুৱা সভাপতি-সম্পাদক, ছাত্ৰ-সন্থাৰ সদস্য-সদস্যা, শ্বহীদ পৰিয়ালৰ লোকে মাল্যাৰ্পণ কৰে।

সৰভোগত শ্বহীদ দিৱস পালনৰ মাজতে দেখা গল এক ব্যতিক্ৰমী দৃশ্য। যি দৃশ্যই সকলোৰে মন চুই যায়।

শ্বহীদ দিৱস উপলক্ষে বৰনগৰ আঞ্চলিক ছাত্ৰ-সন্থাই আয়োজন কৰা সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত দেখা গল এই দুৰ্লভ দৃশ্য৷

এফালে হিন্দু ধৰ্মৰ শাস্ত্ৰ পবিত্ৰ ‘ভাগৱত’ আৰু আনফালে মুছলমান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ‘কোৰাণ’ পাঠ কৰা দৃশ্যই সকলোৰে মন চুই যায়৷

Leave A Reply