Breaking

সৰভোগৰ ৰামপুৰত ফটকা কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট ! কথমপি প্ৰাণ ৰক্ষা পৰে তপন নাথৰ…

0 114

সৰভোগৰ ৰামপুৰত ফটকা কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । কথমপি প্ৰাণ ৰক্ষা পৰে তপন নাথৰ

দেৱালীৰ সময়চোৱাত আনুমানিক ৰাতি ১১:০০ বজাত নিপুল নাথৰ পুতেকে ভুক্তভোগী পৰিয়াল তপন নাথৰ গাত ফটকা দলিয়াই দিয়াত এক বিতৰ্ক সূত্ৰপাতৰ সৃষ্টি হয়।

ভুক্তভোগী তপন নাথে নিপুল নাথক ফটকা ভালকৈ ফুটোৱাৰ বুজনি দিয়াত তপন নাথক অশ্লীল গালি-গালাজ পাৰে নিপুল নাথে।

ইপিনে নিপুল নাথৰ পৰিয়াল তুলুমনি নাথ ,জুনমনি নাথ আৰু দেউতাকে হাতত দা লৈ তপন নাথক গুৰুতভাবে আক্ৰমণ কৰে। আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে তপন নাথৰ

ইতিমধ্যে তপন নাথৰ পৰিয়ালে সৰভোগ আৰোক্ষী থানাত এজাহাৰ দাখিল কৰে ।

ভুক্তভোগী পৰিয়াল তপন নাথৰ পত্নী আৰু কন্যাই সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সৰভোগ থানাৰ আৰোক্ষীয়ে উচিত তদন্ত কৰি আইনৰ আওতালৈ আনি দৃস্তান্তমূলক শাস্তি দিয়ে তাৰে অনুৰোধ জনায় ।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ ৰিপোৰ্ট

Leave A Reply