Breaking

বাঘমাৰাত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম, ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে প্ৰতিবাদ

0 2,032

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাৰৰ চৰাঞ্চলত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ প্ৰায়বোৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বাঘমাৰাৰ পৰা আলোপতি মণ্ডল পাৰালৈ যোৱা পেকেজ নং AS01202 ৰ ৰাস্তাৰ যি নিৰ্মাণ কাৰ্য চলি আছে সেই কামত ঠিকাদাৰ ফয়জল হকে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বুলি ৰাইজে আজি ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। পথটো নিৰ্মাণ কাৰ্যত সামান্য পৰিমাণৰ মেটেল দিয়াৰ লগতে পথ ছাফা নকৰাকৈ আৰু ৰুলাৰ আৰু এদিনো পানী নমৰাকৈ নিজ ময়মতালিৰে কাম কৰি থকাৰ বাবে স্থানীয় ৰাইজে উক্ত পথ নিৰ্মাণ কাৰ্যত বাধা দিয়ে। পিছে ঠিকাদাৰ ফয়জল হকে ৰাইজৰ বাধাক ভ্ৰুক্ষেপ নকৰি দুৰ্নীতি আৰু অনিয়মৰ মাজেৰেই কাম কৰাত পথটিৰ নিৰ্মাণ কাৰ্য শেষ নহওতেই চপৰা-চপৰে কাৰ্পেটিং উঠি যাবলৈ ধৰিছে। সেয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে আজি পথ অৱৰোধ কৰি দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গড়কাপ্তানী বিভাগ হায় হায়, ঠিকাদাৰৰ লুণ্ঠনৰাজ নচলিব, ৰাস্তাৰ কামৰ দুৰ্নীতি বন্ধ কৰক, ঠিকাদাৰ ফয়জল হক মুৰ্দাবাদ আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। দুৰ্নীতিপৰায়ণ ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় স্থানীয় সচেতন ৰাইজে।

Leave A Reply