Breaking

ৰাঙ্গাপানীত কাঠৰ দলং নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিৰ ব্যাপক দুৰ্নীতি, তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ

0 2,041

কৰোণাৰ ভয়াবহতাৰ মাজতেই নগৰবেৰাৰ ৰাঙ্গাপানীত কভিড প্ৰট’কল মানি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ নগৰবেৰাৰ  ৰাঙ্গাপানীত এখন ফুটব্ৰীজ নিৰ্মানৰ কামত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মৰ্মে ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধনেৰে  ৯,২৯,০৮৮/- টকাৰ এখন কাঠৰ ফুট ব্ৰীজ আৱন্টন কৰা হৈছিল যদিও  পঞ্চায়ত সভানেত্ৰীৰ তত্বাৱধানত ৯ নং ৱাৰ্ডৰ সদস্যা জেচমিনাৰ স্বামী মিজানুৰে পালমৰাকৈ কোনোমতে  ৩ লাখ টকা মান ব্যয় কৰি ফুটব্ৰীজ’ নিৰ্মাণ কৰি বাকী সমূদায় ধন উদৰস্থ কৰে। আনহাতে পত্নীৰ পদবীৰ বলত খামিডাঠ মিজানুৰে ৱাৰ্ডৰ প্ৰতিটো কামতে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰো  অভিযোগ। নিম্ন মানৰ ফুটব্ৰীজ নিৰ্মাণ কৰাৰ বাবে  ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। “দলংৰ কামৰ দুৰ্নীতি বন্ধ কৰক, ৱাৰ্ড মেম্বাৰ জেচমিনা হায়- হায়, ৱাৰ্ড মেম্বাৰৰ স্বামী মিজানুৰৰ মইমতালি নচলিব, দলংৰ দুৰ্নীতিৰ তদন্ত লাগিবই” আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ মুখৰিত কৰি তোলে। দলং নিৰ্মাণত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনালে স্থানীয় সচেতন ৰাইজে। প্ৰশ্ন হয় ,নৱগঠিত চৰকাৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে ৰাইজৰ এনে প্ৰতিবাদৰ ভিত্তিত উল্লেখিত দুৰ্নীতিৰ তদন্তৰ দিহা কৰিবনে ?

Leave A Reply