Breaking

চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱত জাঁজী নদীৰ ভয়ংকৰ খহনীয়া

0 59

বাৰিষাৰ আগমনে নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকালৈ ভাবুকিৰ সৃষ্টি কৰাৰ সময়তে শনিবাৰে যোৰহাট জিলাৰ সীমামূৰীয়া চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱৰ গৰা খহনীয়াৰ পৰিদৰ্শন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পৰীক্ষিত ফুকনে।

উল্লেখ্য যে ঐতিহাসিক ধোদৰ আলিৰ কাষেদি বৈ যোৱা জাঁজী নদীয়ে নৈকাষৰীয়া ৰাইজৰ জীৱন বিপদাপন্ন কৰাৰ লগতে ঐতিহাসিক ধোদৰ আলিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। যোৱা তিনি ছাৰিটা বছৰত উক্ত স্থানত বৃহৎ খহনীয়া হৈছে। জলসম্পদ বিভাগীয় মন্ত্ৰী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰি যোৱাৰ পাছতো স্থায়ী সমাধানৰ ব্যৱস্থা হোৱা নাই।

মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পৰিদৰ্শনৰ পিছত মৌখিক চুক্তিৰে কিছু কাম কৰা হৈছে যদিও সেয়া ধনৰ শৰাধৰ বাদে একো হোৱা নাই। আছুৰ জিলা উপ সভাপতি পৰীক্ষিত ফুকনে বিষয়টিক চৰকাৰে অত্যন্ত গুৰুত্বসহকাৰে লৈ অনতিপলমে বিজ্ঞানসন্মত স্থায়ী সমাধানৰ বাবে দাবী জনায়।

উল্লেখ্য যে খহনীয়াৰ বাবে বিপদসংকুল অৱস্থাত থকা পৰিয়ালটিক বিভাগীয় কতৃপক্ষই স্থানান্তৰিত হোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি এই স্থানত বাঢ়নী পানীতকৈ পথাৰ বা আন স্থানৰপৰা জহি জহি অহা পানীয়েহে খহনীয়াৰ সৃষ্টি কৰিছে।

সেয়ে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰি নদী কাষৰীয়া ৰাইজৰ লগতে ঐতিহাসিক ধোদৰ আলিক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰে।

Leave A Reply