Breaking

জীয়া ভৰলী নদীৰ ব্যাপক খহনীয়া: নিশ্চিহ্ন হোৱাৰ পথত নামেৰী পিকনিকস্থলী ৷

0 664

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত ১নং বৰদিকৰাইত জীয়া ভৰলী নদীয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ৷ নদীখনৰ খহনীয়াই নামেৰী পিকনিক স্থলীও সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ পথত ৷ বিগত সময় চোৱাত নদীখনৰ গৰাখহনীয়াত শ শ বিঘা কৃষি ভূমি জাহ যোৱাৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগিছাও নিঃশেষ হয় ৷ বহু ৰাইজে ঘৰ-বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতি সৃষ্টি হৈছে ৷ সম্প্ৰতি নদীখনৰ ব্যাপক খহনীয়াই অঞ্চলটোৰ কৃষক ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ অঞ্চলবাসী ৰাইজে জীয়া ভৰলী নদীখনে খহনীয়া সৃষ্টি কৰা প্ৰায় তিনিকিলোমিটাৰ দৈঘ্য এলেকা বৈজ্ঞানীক সন্মতভাৱে স্থায়ী গৰাখহনীয়া বান্ধৰ নিৰ্মানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লবলৈ নতুন চৰকাৰখনক দাৱী জনাইছে ৷

Leave A Reply