Breaking

নাজিৰাত আৱকাৰী বিভাগৰ বৃহৎ অভিযান

0 2,020

আজি কাহিলী পুৱাৰে পৰা দিনজোৰাকৈ শিৱসাগৰ জিলা আৱকাৰী অধীক্ষক ৰাজু মহন্ত , নাজিৰা আৰু আমগুৰী আৱকাৰী চক্ৰ পৰিদৰ্শক দ্বয় চন্দন বুঢ়াগোহাঁই আৰু ৰুদ্ৰ গগৈৰ নেৰ্তৃত্বত আৱকাৰী বিভাগৰ এটা দলে নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত লাহন গাওঁ , কছাৰী চুক , শিঙিবিল গাওঁ , বৰবাৰী আদি বিভিন্ন স্থানত অবৈধ মদ আৰু চুলাই মদৰ বিৰুদ্ধে বৃহৎ অভিযান চলায় । এই অভিযানত আৱকাৰী দলটোৱে ৪০০০ লিটাৰ চুলাই মদৰ পাছ , ৬ টা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ , প্ৰায় ১২০ লিটাৰ চুলাই মদ , ৪০ কেজিৰোধিক চুলাই মদ প্ৰস্তুত কৰা তোলাগুৰ জব্দ কৰে আৰু সাক্ষীৰ সাক্ষাতত ঠাইতে নষ্ট কৰি দিয়ে । উক্ত অভিযান কালত  অবৈধ চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে ৩ টা আৱকাৰী গোচৰ ৰুজু কৰে । 

Leave A Reply