Breaking

চৰাইদেউৰ ডোমৰদলঙত ভয়ানক অগ্নিকাণ্ড…

0 64

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰদলঙত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

জানিব পৰা মতে ডোমৰদলঙৰ প্ৰশান্ত চুতীয়া নামৰ ব্যক্তিজনৰ বিপণী কেইখনত সংঘটিত হয় এই অগ্নিকাণ্ড । বিপণীখনৰ একেলগে থকা গেলামালৰ দোকান, চাইকেল মেৰামতি কৰা দোকান আৰু এটা মিল জুইত সম্পূৰ্ণৰূপে জাহ যায় ।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ অনুমান কৰা হৈছে ।

Leave A Reply