Breaking

গোগামুখত ভয়ংকৰ অগ্নিকাণ্ডঃ এটি ধানৰ ভঁৰাল সম্পূৰ্ণৰূপে ভস্মীভূত…

0 52

ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত  গোগামুখ মাজৰবাৰী দেউৰী গাঁৱত আজি পুৱা ৯ বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত এটি ধানৰ ভঁৰাল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ঘটনাৰ বিৱৰণি মতে গোগামুখত মাজৰবাৰী নিৱাসী পূৰ্ণানন্দ দেউৰীৰ ঘৰত এখন ই ৰিক্সা কাৰেন্টত চাৰ্জ দি ৰাখিছিল ৷ ই ৰিক্সা চালকে ই ৰিক্সাখন লৈ যোৱাৰ সময়ত ভুলবশতঃ কাৰেন্টত লাগি থকা চাৰ্জাৰৰ চুইট্‌চ্‌ অফ কৰা নাছিল ৷

ফলত চৰ্টচাৰ্কিট অগ্নিকাণ্ডৰ উদ্ভৱ হয় আৰু নিমিষতে ধানৰ ভঁৰালটো জুইত সম্পূৰ্ণৰূপে জাহ যায় ৷ ভঁৰালত জুই লগাৰ সময়ত পূৰ্ণান্দ দেউৰীৰ ঘৰত কোনো মানুহ নাছিল ৷ অগ্নিকাণ্ডৰ ফলত ভঁৰালটো থকা প্ৰায় ৭০ কুইন্টল ধান সম্পূৰ্ণৰূপে জাহ যায় ৷ পিছত ধেমাজি জিলাৰ অগ্নিনিৰ্বাপক বাহিনী আহি জুইৰ অৱশিষ্টখিনি নুমাই দিয়ে ৷ কেৱল খেতিৰ জৰিয়তে পৰিয়ালৰ পোহপাল দি থকা পূৰ্ণানন্দৰ  ঘৰৰ ধানৰ ভঁৰাল জুইত জাহ যোৱাৰ ফলত  পূৰ্ণানন্দৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

Leave A Reply