Breaking

জনিয়াৰ বনঘূগীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰায় ৪০লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্নৰূপে ভস্মীভূত

0 2,015

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বনঘুগী গাঁওত কালি নিশা এক  ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয়। উক্ত অগ্নিকাণ্ডৰ ঘটণাত প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সুম্পূর্ণৰূপে ভস্মীভূত হৈ যায়। উল্লেখ্য যে, বিজুলী বিজুতি ঘটাৰ ফলত সংঘটিত এই ঘটণাত গাওঁখনৰ ক্ৰমে মতিয়াৰ ৰহমান, আফজালুৰ ৰহমান, আজাহাৰ আলী, ৰফিকুল ইছলাম,হানিফ আলি,নজিৰ হুছেইনকে ধৰি মুঠ সাতজন লোকৰ  ঘৰত জুই লাগে। পিছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘৰৰ পৰা ততাতৈয়াকৈ মানু্হখিনি ওলায় আহে। ইপিনে সাতখন ঘৰৰ  লগতে ঘৰৰ ভিতৰত থকা সকলো নথি-পত্ৰ, মৰাপাট ,হাঁহ-কুকুৰা, ছাগলীৰ লগতে আ-অলংকাৰ অাদি কৰি অনুমান প্ৰায় ৪০  লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পুৰ্ণৰূপে পুৰি ছাই হৈ যায়। সম্প্ৰতি এই ঘটণাই অঞ্চলবাসীৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰণিধানযোগ্য যে, ঘৰৰ ভিতৰত চিলিণ্ডাৰ থকাৰ কাৰণে ভয়তে অগ্নি নির্বাপনৰ কাৰণে স্থানীয় ৰাইজে কাষ চাপিব পৰা নাছিল। পিছে  স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ফোনযোগে অৱগত কৰে যদিও নিমিষতে বয়-বস্তু পুৰি সম্পূৰ্ণ ছাই হৈ যায়। আজি বৰভিঠাত এটা অগ্নি নিৰ্বাপন সেৱাৰ ব্যৱস্থা থাকিলে ইমানখিনি ক্ষতিগ্ৰস্ত নহলেহেঁতেন বুলি ৰাইজে মন্তব্য কৰে। ইপিনে স্থানীয় ৰাইজৰ লগতে দুৰ্ভগীয়া ক্ষতিগ্ৰস্ত পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক  অাৰ্থিক সাহায্য প্ৰদানৰ অাহ্বান জনোৱাৰ লগতে বৰভিঠাত অগ্নি নিৰ্বাপন সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনায়।

Leave A Reply