Breaking

খোৱাঙত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

0 2,020

ডিব্ৰগড় জিলাৰ খোৱাং  আৰক্ষী থানাৰ অন্তৰ্গত খোৱাংঘাটত আজি পুৱতি নিশা দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় ।  ঘটনাৰ বিবৰণ  অনুসৰি, খোৱাং ঘাটত অৱস্থিত সুব্ৰত দত্তৰ ষ্টেচনাৰী দোকান আৰু বাদল বেনাজীৰ গেলামাল দোকানত পোহৰৰ উৎসৱ দেৱালী আৰু কালীপূজা দিনাই অথাৎ আজি পুৱতি নিশা প্ৰায় ২.৩০ বজাত এক অগ্নিকাণ্ডৰ  সূত্ৰপাত হোৱাত মৰাণ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ  চেষ্টা কৰে যদিও ইতিমধ্যে দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠানত থকা সকলো সামগ্ৰী জুইত জাহ যায় । অগ্নিকাণ্ডৰ ফলত দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ  প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি ব্যৱসায়ী প্ৰতিষ্ঠান দুখনৰ স্বতাধিকাৰীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকীয়ে কোনো  দুৰ্বৃত্তই প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply