Breaking

সোৱণশিৰিৰ ভীমপৰা শিল-বালি মহলত ব্যাপক অনিয়মঃ ভূৱা চালানেৰে চলিছে ডাম্পাৰ…

0 91

লখিমপুৰ জিলাৰ পথালিপাম খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত সোৱণশিৰি নদীৰ ভীমপৰা শিল-বালি মহলত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ মতে ভীমপৰা মহলত বিভাগীয় কৰ্তৃপক্ষই  মহলদাৰ শিল-বালি আৰু মাটি বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ কিন্তু মহলটোৰ মহলদাৰে শিল-বালি চালানৰ ঠাইত মাটিৰ চালান কাটি হেজাৰ হেজাৰ চি এম শিল-বালি বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে ৷ শিল-বালিৰে তুলনাত মাটি মূল্য বহুত কম হোৱাৰ বাবে মহলদাৰে শিল-বালি বিক্ৰী কৰি  মাটিৰ চালান কাটি বনবিভাগ তথা চৰকাৰক ৰাজহ ফাঁকিৰে ৰামঠগন দিয়াৰ লগতে বনজ সম্পদৰ ওপৰত অবাধ লুটপাত চলাই আহিছে ৷ আজি গোগামুখত স্থানীয় ৰাইজে ভূৱা চালানেৰে বালি কঢ়িয়াই নিয়া এ এছ ০৭বি চি ৪১৫১ নম্বৰযুক্ত এখন বালি ভৰ্ত্তি ডাম্পাৰ গোগামুখত জব্দ কৰি গোগামুখ বন বিভাগক চমজাই দিয়ে ৷ যদিওবা উক্ত ডাম্পাৰত বালি ভৰ্ত্তি আছিল কিন্তু মাটিৰ চালানহে ডাম্পাৰৰ চালকৰ হাতত আছিল আৰু চালকজনক মাটিৰ চালানহে মহলটোৰ পৰা দিছিল বুলি জানিব পৰা গৈছে ৷

মহলটোৰ মহলদাৰৰ এনে কাৰ্যই সচেতন ৰাইজক সচকিত কৰি তুলিছে ৷ মহলটো বৰ্তমান ৰাণাদ্বীপ শইকীয়াৰ নামত আছে যদিও চলাই আছে দুৰ্নীতি-অনিয়মত নিমজ্জিত মহলদাৰ প্ৰাঞ্জল ডেকাই ৷  এই সকলোবোৰ দুৰ্নীতি-অনিয়ম  লখিমপুৰ আৰু ধেমাজি জিলা বনবিভাগৰ জ্ঞাতসাৰেই চলি আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ একেদৰে ধেমাজি জিলাৰ গোগামুখ উপ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ মাথোঁ চাৰি কিলোমিটাৰ নিলগৰ গোগামুখ লটাকৰ জনাকীৰ্ণ স্থান তথা এন চি ডি মহাবিদ্যালয়ৰ কাষতে ৰাজেশ চাহু নামৰ এগৰাকী শিল-বালি বেপাৰীয়ে  বিশাল শিল-বালিৰ পাহাৰ গঢ়ি তুলিছে ৷ ধেমাজি জিলাৰ উজনি সোৱণশিৰিৰ মানিকা শিল-বালি মহলত এক নিৰ্দিষ্ট কামৰ বাবেহে শিল-বালি বিক্ৰীৰ অনুমতি দিছে বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু ৰাজেশ চাহুৱে এই মহলটোৰ পৰাই শ শ চি এম শিল-বালি অবৈধভাৱে সংগ্ৰহ কৰি লটাকৰ জনবহুল অঞ্চলত জমা কৰি ৰাখি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে ৷ তদুপৰি এই স্থানত ৰাজেশ চাহুৱে বিৰাটকিয় শিল-বালি চাকা যন্ত্ৰ বহুৱাইও সমগ্ৰ অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে ৷

Leave A Reply