Breaking

“হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সজাগতাৰ বাবে মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ বিশাল পদযাত্ৰা …

0 384

‘’আজাদী কা অমৃত মহোৎসৱ’’ৰ লগত সংগতি ৰাখি অহা ১৩ৰ পৰা ১৫ আগষ্টলৈ পালন কৰিব লগীয়া ‘’হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সজাগতাৰ বাবে মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ জোৱান সকলে হাতে হাতে তিৰংগা পতাকা লৈ পদযাত্ৰা উলিওৱাই।

.

মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ পৰা আৰম্ভ কৰা পদযাত্ৰা বেজেৰা বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সামৰণি পৰে। মান্দাকাটা কামাণ্ডো বেটেলিয়ানৰ কামাণ্ডেন্ট সঞ্জীৱ শইকীয়াৰ নেতৃত্বত এই সজাগতা ৰেলী উলিওৱা হয়।

মান্দাকাটাস্থিত অসম আৰক্ষী কামাণ্ডো বেটেলিয়ানৰ পদযাত্ৰাকাৰী সকলক বেজেৰাত স্থানীয় গাঁওবুঢ়া দণ্ডধৰ ভূঞা প্ৰাক্তন আছু নেতা পংকজ বৰুৱাৰ নেতৃত্বত আদৰণি জনোৱা হয়।

Leave A Reply